ধুবুৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত মাটিৰ চাকি বিতৰণ
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ ধুবুৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰশংসনীয় পদক্ষেপ। কালীপূজাৰ প্ৰাক্-মূহুৰ্তত আজি ধুবুৰী জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ধুবুৰী চহৰৰ ১নং ৱাৰ্ডত বিনামূলীয়াকৈ মাটিৰ চাকি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ এই মাটিৰ চাকি বিতৰণ কাৰ্যসূচীত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, সাধাৰণ সম্পাদক নিৰ্মাল্য পাল, দলটোৰ জ্যেষ্ঠ নেতা তথা ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, ৱাৰ্ডটোৰ ৱাৰ্ড আয়ুক্ত উমেশ কুুমাৰ ৰয়, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী জিলা সভাপতি বিশ্বজিৎ দাস প্ৰমুখ্যে বিজেপি আৰু যুৱ মৰ্চাৰ অন্যান্য কাৰ্যকৰ্তাসকল উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী