নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰণ্যত খাদ্যত বিষক্রিয়া ঘটি ৭টা হাতীৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ মধ্যপ্রদেশৰ বান্ধৱগড় অৰণ্যত মৃত্যু হৈছে ৭টা হাতীৰ৷ এই ঘটনাক লৈ সমগ্র অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য৷ ব্যাঘ্র সংৰক্ষণ অভয়াৰণ্যত ৪টা মৃত হাতী দেখিবলৈ পায় বনকর্মীসকলে৷ আশংকাজনক অৱস্থাত ৫টা হাতীক উদ্ধাৰ কৰা হয়৷ চিকিৎসা চলা সময়তে আৰু তিনিটা হাতীৰ মৃত্যু হয়৷ প্রাথমিকভাৱে অনুমান কৰা হৈছে খাদ্যত বিষক্রিয়া হোৱাৰ কাৰণে মৃত্যু হ’ব পাৰে এই হাতীকেইটাৰ৷ এই ঘটনাক লৈ স্বাভাৱিকতেই উদ্বিগ্ণ বনকর্মীসকল৷ বন বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে কালি অৰণ্যত নিয়মমাফিক টহলদাৰী চলা সময়ত চাৰিটা মৃত হাতী দেখিবলৈ পোৱা গ’ল৷ সন্দেহ হোৱাত অৰণ্যৰ আশে–পাশে তালাচী চলায় বনকর্মীসকলে৷ ইয়াৰ পিছতে পাঁচটা অসুস্থ হাতীক উদ্ধাৰ কৰা হয়৷ অনুমান কৰা হৈছে এটা হাতীৰ জাকত ১৬টা হাতী আছিল৷ খাদ্যত বিষক্রিয়াৰ ফলত এই হাতীবোৰ অসুস্থ হৈ পৰে৷ মৃত আৰু অসুস্থ ৯টা হাতীৰ সন্ধান পালেও অন্য হাতীকেইটা বিচাৰি পোৱা নাই বনকর্মীসকলে৷ এই ঘটনা সন্দর্ভত বন বিভাগৰ বিষয়া বিজয় এন আম্বাদে উল্লেখ কৰে যে খাদ্যত বিষক্রিয়াৰ কাৰণে হাতীকেইটাৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সবিশেষ তথ্য জানিব পৰা যাব৷

You might also like