নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত ‘হোলীকা’ৰ পৰিৱৰ্তে ক’ৰোনাসুৰ দাহন; পিছে কি এই ক’ৰোনাসুৰ ?

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ হোলীকা দানৱী নহয়, হোলীৰ বতৰত মুম্বাইত এইবাৰ দাহন কৰা হ’ল ক’ৰোনাসুৰ। মুম্বাইত প্ৰতিবছৰে হোলীৰ দিনা ‘হোলীকা দাহন’ অনুষ্ঠানত দাহন কৰা হয় হোলীকা দানৱীৰ প্ৰতিমূৰ্তি । কিন্তু সমগ্ৰ বিশ্বজুৰি এইবাৰ হোলীৰ সমান্তৰালকৈ ক’ৰোনাৰ আতংকই বিৰাজ কৰা বাবে দাহন কৰা হ’ল ক’ৰোনাসুৰৰ প্ৰতিমূ্ৰ্তি ।

ইপিনে ‘হোলীকা দাহন’ অনুষ্ঠানত দাহন কৰা ক’ৰোনাসুৰৰ প্ৰতিমূ্ৰ্তিয়ে এইবাৰ সমগ্ৰ ভাৰততে বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে এই ক’ৰোনাসুৰৰ প্ৰতিমূ্ৰ্তিটোৰ উচ্চতা হৈছে ৫০ ফুট ।

You might also like