নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় টেষ্টত এদিনতে দুবাৰ অলআউট বাংলাদেশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ প্রথম টেষ্টত দক্ষিণ আফ্রিকাৰ হাতত ৭ উইকেটত পৰাস্ত হৈছিল বাংলাদেশ৷ কিন্তু মেচখনত মেহদী হাছানহঁতে কিছু পৰিমাণে হ’লেও প্রত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু দ্বিতীয় টেষ্টত মাত্র তিনিদিনতে আত্মসমর্পণ কৰে বাংলাদেশে৷ এদিনতে দুবাৰ অলআউট হ’ল দলটো৷ এক ইনিংছ আৰু ২৭৭ ৰানত পৰাজয়েৰে শৃংখলা হেৰুৱাবলগীয়া হ’ল বাংলাদেশে৷ মেচখনৰ প্রথম দিনাই ঘৰুৱা দলটোৰ পৰাজয়ৰ আৰম্ভণি ঘটিছিল৷ টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল এডেন মার্কৰামে৷ বাংলাদেশৰ বলাৰ টাইজুল ইছলামে ৫টা উইকেট দখল কৰি কিছু চেষ্টা চলাইছিল যদিও দক্ষিণ আফ্রিকাৰ বেটাৰসকলে আন বলাৰসকলক সহজে মষিমূৰ কৰে৷ আফ্রিকান বেটাৰ টোনী দে’ জর্জিয়ে ১৭৭ ৰান আৰু ট্রিষ্টান ষ্টাবছে কৰে ১০৬ ৰান৷ কেৱল এয়াই নহয়, ডেভিদ বেডিংহামৰ ৫৯ ৰানৰ পিছত শেষৰফালে বিধ্বংসী বেটিঙেৰে উইয়ান মুলদাৰ আৰু ছেনুৰান মুথুস্বামীয়ে বাংলাদেশৰ বলাৰক তীব্র প্রহাৰ কৰে৷ মুলদাৰ ১০৫ ৰানত অপৰাজিত থকাৰ বিপৰীতে ছেনুৰানে অপৰাজিত ৬৮ ৰানৰ বৰঙণি আগবঢ়ায়৷ প্রত্যুত্তৰত বাংলাদেশে মাত্র ১৫৯ ৰানত ইনিংছ সামৰে৷ মমিনুল হকে সর্বাধিক ৮২ ৰান আৰু টাইজুলে ৩০ ৰান কৰে৷ স্বাভাৱিকভাৱেই ফল’অনৰ সন্মুখীন হৈ পুনৰ বেটিং কৰিবলৈ নামে বাংলাদেশ৷ দ্বিতীয় ইনিংছত তেওঁলোকে কৰে মাত্র ১৪৩ ৰান৷ কেশৱ মহাৰাজে পাঁচটা আৰু ছেনুৰানে চাৰিটা উইকেট দখল কৰে৷ মেচৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে দে’ জর্জিয়ে৷

You might also like