নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ চাৰিজন সদস্য ক্রমে আই জি পি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, লেন্স নায়ক হেমন্ত কছাৰী আৰু ইউ বি কনিষ্টবল ৰাজকুমাৰ কৈৱর্তক কেন্দ্রীয় গৃহ মন্ত্রালয়ে বিশেষ অভিযানৰ ক্ষেত্রত ‘কেন্দ্রীয় গৃহমন্ত্রীৰ দক্ষতা পদক’ প্রদান কৰিছে৷ এই সন্মানীয় পদক ২০২৩ চনৰ ২১ মার্চৰ পৰা ২০২৪ চনৰ ২০ মার্চলৈ অসমৰ কেতবোৰ গুৰুতৰ অপৰাধ সমাধানৰ ক্ষেত্রত তেওঁলোকৰ অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে আই জি পি পার্থসাৰথি মহন্তৰ নেতৃত্বত এছটিএফে ড্রাগ্ছ সৰবৰাহ, জালনোট আৰু গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে ধাৰাবাহিক সফলতা লাভ কৰিছে৷ লগতে এছটিএফে অসমলৈ সৰবৰাহ কৰা হেৰ’ইনকে ধৰি যথেষ্ট পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্রী জব্দ কৰাৰ নেটৱর্কো বিফল কৰিবলৈ সক্ষম হৈছে৷ এই অভিযানসমূহে সংগঠিত অপৰাধক বিলুপ্ত কৰাই নহয়, অসমৰ যুৱক–যুৱতীসকলক্ নিচাযুক্ত দ্রব্য সেৱনৰ পৰাও বহু পৰিমাণে সুৰক্ষিত কৰাত সহায় কৰিছে৷ এনে সফলতাৰ উপৰি বাংলাদেশৰ পৰা অসমত ৰহিংগ্যাৰ অনুপ্রৱেশ ৰোধ কৰাত এছটিএফে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ চলিত বর্ষৰ মার্চ মাহত এছটিএফে বিধ্বংসী কার্যকলাপৰ পৰিকল্পনা কৰা আইছিছ ইণ্ডিয়াৰ মুৰব্বী হৰিশ ফাৰুকী আৰু তেওঁৰ সহযোগীক গ্রেপ্তাৰ কৰি এক বৃহৎ সফলতা লাভ কৰে৷ এহ অভিযানে দেশত সন্ত্রাসবাদী সংগঠনটোৰ মেৰুদণ্ড কার্যতঃ ভাঙি পেলায়৷ আনহাতে, কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্রত কুমাৰ সেন আৰু শিলচৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া, পৰিদর্শক অমৃত কুমাৰ সিন্হাই পেছাদাৰী আৰু পদ্ধতিগত তদন্তৰ বাবে ‘গৃহমন্ত্রীৰ দক্ষতা পদক’ লাভ কৰিছে৷ শিলচৰ থানাত ৰুজু হোৱা এটা হত্যাকাণ্ডৰ গোচৰৰ বিপৰীতে বিজয় দাস, বিক্রম দাস আৰু পৰিমল দাসক গ্রেপ্তাৰ কৰাৰ বিপৰীতে এহ ঘটনাৰ লগত জড়িত বাহনখনো উদ্ধাৰ কৰা হয়৷ ৪৮ ঘণ্টাৰ ভিতৰতে এছআইটিয়ে এই হত্যাকাণ্ডৰ সফল সমাধান কৰে৷