সোণাপুৰত পথ দুৰ্ঘটনা, নিহত অৱসৰী শিক্ষয়িত্ৰী
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : মহানগৰীৰ সমীপৰ সোণাপুৰত আজি পুৱাৰ ভাগত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰীৰ মৃত্যু হয়৷ মৃত শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ গুৱাহাটীৰ বেলতলাত৷ নাম শান্তনা বৰা (৬৯)৷ ঘটনা অনুসৰি মহিলাগৰাকীয়ে পুৱাৰ ভাগত খানাপাৰাৰ পৰা মেস্কিম গাড়ীৰে সোণাপুৰলৈ গৈ আছিল৷ সময় তেতিয়া পুৱা প্ৰায় ৮.৩০ বাজিছিল আৰু তেওঁ সোণাপুৰ মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অৰ্থাৎ ২নং জ্যোতিনগৰৰ সন্মুখত গাড়ীৰ পৰা নামি ৩৭ নং ৰাষ্ট্ৰীয় পথটো পাৰ হবলৈ লওঁতে গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী তীব্ৰবেগী অচিনাক্ত বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে৷ ফলত মহিলাগৰাকী পথৰ কাষত ছিটিকি পৰে ৷ পিছত স্থানীয় লোকে পথৰ কাষত মহিলাগৰাকী পৰি থকা প্ৰত্যক্ষ কৰি সোণাপুৰ যানবাহন আৰক্ষীক খবৰ দিয়ে৷ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি সোণাপুৰ জিলা চিকিৎসালয়লৈলৈ যায়৷ কিন্তু মহিলাগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মহিলাগৰাকীৰ মৃত্যু হয়৷ উল্লেখ্য যে অহা ৩ নবেম্বৰত সোণাপুৰ জ্ঞানোদয় উচ্ছ মাধ্যমিক বিদ্যালয়ত ডিমৰীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ এখন বিশেষ সভা আছিল৷ আৰু সেই সভাখনৰ আৰম্ভনিৰ আদৰণী সমবেত সংগীতটোৰ বাবে আজি সোণাপুৰত আখৰা কৰিবৰ বাবে সোণাপুৰত থকা নিজ পুত্ৰ ইন্দ্ৰনীল বৰাৰ ঘৰলৈ আহিছিল মাতৃ শান্তনা বৰা৷ তেওঁ আশা কৰিছিল তিনি নৱেম্বৰত হবলগীয়া ডিমৰীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাখনত উপস্হিত থাকিব আৰু সমবেত সংগীত পৰিৱেশন কৰিব ৷ কিন্তু সেই আশা পুৰন নহল৷ পুৱাই নিয়তিয়ে কাঢি নিলে তেওঁক৷ আশা পূৰণ নহল৷ মহিলাগৰাকীৰ এনে অকাল মৃত্যুত শোকৰ ছাঁ পৰে৷ উল্লেখ্য যে তেওঁ সোণাপুৰ লেখিকা সমাৰোহৰ উপদেষ্টাৰ লগতে এগৰাকী সমাজসেৱিকা আছিল ৷
প্ৰেৰক ৰমেশ দাস