নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়ৰ মানসিকতা নাই লোকেশ ৰাহুলৰ

🔹 লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাৰ মন্তব্য

নিউজ ডেস্ক, ২ নৱেম্বৰ : এদিন কৈছিল- লোকেশ ৰাহুল তেওঁৰ নিজৰ ঘৰৰ মানুহ৷ কিন্তু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে সেই ৰাহুলক দলত ৰখাৰ পৰা বিৰত থাকে৷ ফ্রেনচাইজীটোৰ মালিক সঞ্জীৱ গোৱেংকাই কয় যে এনে ক্রিকেটাৰক দলত ৰখা হৈছে, যিসকলৰ জয়ৰ মানসিকতা আছে৷ বিগত আইপিএলৰ সময়ছোৱাত খেলপথাৰত ৰাহুলক ধমক দিছিল গোৱেংকাই৷ ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাজয়ৰ শৈলী মালিকে ভাল নাপালে৷ বহুতে গোৱেংকাক সমালোচনা কৰিছিল৷ কিন্তু তেওঁ বাৰে বাৰে প্রমাণ কৰিবলৈ চেষ্টা কৰি আহিছে যে ৰাহুলৰ লগত তেওঁৰ কোনো সমস্যা নাই৷ ৰাহুলক দলত ৰখা সন্দর্ভত তেওঁ কয় যে তেওঁ ঘৰৰ মানুহ৷ কিন্তু বৃহস্পতিবাৰে দেখা গ’ল যে ৰাহুলক ঘৰৰ পৰা উলিয়াই দিয়া হয়৷ তেওঁক নিলাম কৰা হ’ব৷ আৰটিএমৰ জৰিয়তে তেওঁক দললৈ ঘূৰাই অনাৰ সুযোগ আছে যদিও লক্ষ্ণৌৱে সেয়া কৰিবযে মনে নধৰে৷ ৰিটেনচনৰ পিছত বৃহস্পতিবাৰে গোৱেংকাই কয়- ‘নিকোলাছ পুৰানক ধৰি ৰখা উচিত আছিল৷ এই সিদ্ধান্ত ল’বলৈ মাত্র দুই মিনিট লাগিল৷ কোনজন ক্রিকেটাৰক লোৱা হ’ব সেই সম্পর্কে আমাৰ এটা অতি সহজ নীতি আছিল৷ মেচত জয়ী হোৱাৰ মানসিকতা থকা ক্রিকেটাৰজনক লোৱা হ’ব৷ নিজতকৈ দলক আগস্থান দিয়া ক্রিকেটাৰক লোৱা হ’ব৷ আমাৰ বলিং আক্রমণ অতি শক্তিশালী৷ সেহবাবেই আমি তিনিজন বলাৰ (ৰবি বিষ্ণোই, মায়ংক যাদৱ আৰু মহছিন খান) ৰাখিছিলোঁ৷ আয়ুস (বাডোনি) ছয় বা সাত নম্বৰত খেলিব৷’ লক্ষ্ণৌৱে জাহিৰ খানক মেণ্টৰ হিচাপে লৈছে৷ তেওঁ ৰাহুলক লৈ সুখী নহয়৷ লক্ষ্ণৌৰ নতুন গুৰু তথা প্রশিক্ষক জাষ্টিন লেংগাৰে যোৱা ছিজনৰ মেচসমূহ বিশ্লেষণ কৰিছিল৷ তেওঁলোকৰ মতে ৰাহুলে যদি মিডল অভাৰত খেলে তেন্তে দলৰ পৰাজয়ৰ সম্ভাৱনা বেছি৷ অর্থাৎ ৰাহুল বহুদিন ক্রিজত থকা আটাইকেইখন মেচতে লক্ষ্ণৌৱে পৰাস্ত হৈছিল৷ ৰাহুল সোনকালে আউট হ’লে লক্ষ্ণৌ জয়ী হয়৷ ক্রিজত থিতাপি ল’বলৈ বহু সময় লোৱা ৰাহুলৰ দৰে অ’পেনাৰ অ’পেনাৰসকলে বিচৰা ধৰণৰ নহয়৷ ২০২৪ চনৰ আইপিএলত ১৪খন খেলত ৫২০ ৰান কৰিছিল ৰাহুলে৷ তেওঁৰ গড় ৩৭.১৪ আৰু ষ্ট্রাইক ৰেট ১৩৬.১২৷ চাৰিখন মেচত অর্ধশতক অর্জন কৰিছিল৷

You might also like