নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্ত্রোপচাৰত পেটত ওলাল বেটাৰী–ব্লেড–স্ক্রু

🔹 হাস্পতালত মৃত্যু ১৪ বছৰীয়া কিশোৰ

নিউজ ডেস্ক, ৪ নৱেম্বৰ : উত্তৰ প্রদেশৰ এজন ১৪ বছৰীয়া কিশোৰৰ পেটৰ ভিতৰত পোৱা গ’ল বেটাৰী, চেইন, ব্লেড, স্ক্রুসহ ৬৫ বিধ বিভিন্ন ধৰণৰ বস্তু৷ অস্ত্রোপচাৰৰ সময়ত এইবোৰ কিশোৰজনৰ পেটৰ পৰা উদ্ধাৰ হৈছে৷ চিকিৎসকে কিশোৰজনৰ প্রাণৰক্ষা কৰিব নোৱাৰিলে৷ দিল্লীৰ ছফদৰজং হাস্পতালত ভর্তি কৰোৱা হৈছিল কিশোৰজনক৷ হাথৰছৰ বাসিন্দা এই কিশোৰৰ পিতৃ সংকেত শর্মা পেছাত মেডিকেল ৰিপ্রেজেণ্টেটিভ৷ সংকেত শর্মাই জানিবলৈ দিয়ে যে তেওঁৰ পুত্রই হঠাতে শ্বাস–প্রশ্বাসত কষ্ট অনুভৱ কৰে৷ যোৱা ১৩ অক্টোবৰত কিশোৰজনক আগ্রাৰ এখন হাস্পতাললৈ লৈ যোৱা হয়৷ কিন্তু তাত ৰোগ চিনাক্ত কৰিব নোৱাৰিলে চিকিৎসকে৷ ইয়াৰ পিছত চাৰিখন হাস্পতাললৈ নিও কোনোধৰণৰ সুফল নাপালে সংকেত শর্মাই৷ শেষত দিল্লীৰ ছফদৰজং হাস্পতালত কিশোৰজনক ভর্তি কৰোৱা হয়৷ এই হাস্পতালত অস্ত্রোপচাৰ কৰা হয় কিশোৰজনৰ৷ তেতিয়াই ব্লেড, স্ক্রু, বেটাৰীসহ বিভিন্ন সামগ্রী কিশোৰজনৰ পেটত উদ্ধাৰ হয়৷ যোৱা ২৮ অক্টোবৰৰ নিশা মৃত্যু হয় কিশোৰজনৰ৷

You might also like