ডিক’ডিং জীৱন : মৃত্যুঃ জীৱনৰ আইনা
ড০ পাৰ্থসাৰথি মহন্ত
জীৱনযাত্রাত প্রতিজন ব্যক্তিয়ে নিজ কর্ম আৰু দর্শনেৰে এক অনন্য উত্তৰাধিকাৰী এৰি থৈ যায়৷ মূল্যবোধ৷ আপাতদৃষ্টিত মৃত্যু অন্ত যদিও ই উন্মোচন কৰি যায় ব্যক্তিজনৰ সত্তা৷ এই সত্তা, এৰি থৈ যোৱা মূল্যবোধে কৰে জীৱনৰ মূল্যায়ন৷ কিছু বিৰল ক্ষেত্রত এজন ব্যক্তিৰ মৃত্যুৱে মানুহক ইমান গভীৰভাৱে স্পর্শ কৰে যে ই মর্যাদা, বয়স আৰু সামাজিক প্রেক্ষাপটৰ সীমা অতিক্রম কৰি জীৱনৰ প্রকৃত মূল্যৰ বিষয়ে বহু কথা কৈ পেলায়৷
জীৱনৰ নীৰৱ মূল্যায়ন৷ যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁৰ প্রভাৱৰ বিচাৰ কৰিবলৈ তেওঁ জীৱিতকালত লাভ কৰা বঁটা, ধন–সম্পত্তি বা মর্যাদাৰ খতিয়ান ল’ব লাগিবই বুলি ক’ব নোৱাৰি৷ বৰঞ্চ তেওঁ এৰি থৈ যোৱাসকলৰ প্রতিক্রিয়া– তেওঁলোকৰ দুখ, তেওঁলোকৰ কাহিনী, তেওঁলোকৰ স্মৃতি– সেই ব্যক্তিজনৰ জীৱনৰ মূল্যৰ আটাইতকৈ স্পষ্ট পৰিমাপ হৈ পৰে৷ মূলতঃ মৃত্যুৱে এটা ‘বেচৰকাৰী মূল্যায়ন’ কৰে, য’ত এজন ব্যক্তিৰ আনৰ প্রতি অৱদানৰ গভীৰতা আৰু তেওঁলোকে গঢ়ি তোলা সংযোগৰ আন্তৰিকতা জোখা হয়৷ মৃত্যু হৈ পৰে এখন দাপোণ য’ত জীৱন প্রকাশিত হয়৷
পৰিকল্পিত শ্রদ্ধাঞ্জলি আৰু মানুহৰ হৃদয়ৰ পৰা সম্পূর্ণ অন্তঃকৰণেৰে জনোৱা শ্রদ্ধাঞ্জলিৰ মাজত পার্থক্য সেয়েহে আকাশ–পাতাল৷ পৰিকল্পিত শ্রদ্ধাঞ্জলিৰ বাবে প্রয়োজন হয় নির্বাচিত শব্দ, বাক্য, বিশেষণ, বিশেষণীয় বিশেষণ আৰু লগতে আনুষ্ঠানিকতা৷ কিন্তু প্রকৃত সন্মান আৰু আদৰৰ পৰা উদ্ভৱ হোৱা আন্তৰিক শ্রদ্ধাঞ্জলিৰ বাবে কোনো পৰিকল্পনাৰ প্রয়োজন নাই৷ ই স্বতঃস্ফূর্ত আৰু আন্তৰিকতাৰে বৈ যোৱা অনিয়ন্ত্রিত গভীৰ শোকৰ দৰে৷ এয়াই জীৱনৰ নিস্তব্ধ প্রতিফলন৷
সঁচা, হৃদয়স্পর্শী শোক কৰিবলৈ আনুষ্ঠানিক নিয়ন্ত্রণৰ প্রয়োজন নাই৷ কাৰোবাৰ জীৱনে যেতিয়া আনক গভীৰভাৱে চুই যায়, তেতিয়া শোকে শ্রেণী, পেছা, সামাজিক স্তৰ অতিক্রম কৰি যায়৷ ৰতন টাটা এনে এজন ব্যক্তি যাক তেওঁৰ নম্রতা, দয়া আৰু মমতাৰ বাবে সন্মান কৰা হয়৷ তেওঁৰ মৃত্যুত সমগ্র দেশৰ মানুহে ব্যৱসায়িক কৃতিত্ব বা আর্থিক সফলতাৰ বাবে নহয়, বৰঞ্চ তেওঁলোকৰ মাজত অনুৰণন ঘটোৱা মূল্যবোধৰ বাবেহে শোক প্রকাশ কৰিছে৷ কিন্তু তেওঁ ভাৰতৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰত–ৰত্ন নাপাব পাৰে, প্রত্যেক ভাৰতীয়ৰ বাবে হৈ পৰিল প্রকৃত ‘ৰতন’৷
এই শোক আচলতে মৰমৰ বৰষুণ৷ সৰল অথচ অত্যন্ত শক্তিশালী মানৱীয় গুণৰ পৰা সৃষ্টি হোৱা আদৰ৷ দয়া, সন্মান আৰু আনক মূল্যৱান অনুভৱ কৰাব পৰা ক্ষমতা৷ এই গুণবোৰে যিকোনো বস্তুগত সফলতা আৰু আনুষ্ঠানিক স্বীকৃতিক নস্যাৎ কৰি দিয়ে৷ মানুহক প্রিয় কৰি তোলে আৰু মৃত্যুত সকলোকে ম্রিয়মাণ৷
জীৱন, বহুতৰে ক্ষেত্রত, স্বীকৃতিৰ আকাংক্ষাৰ দ্বাৰা পৰিচালিত হয়৷ সফলতাৰ প্রতীক হিচাপে অনেকেই উপাধি, সন্মান বা বঁটা বিচাৰে৷ কিন্তু শেষত, সফলতাৰ প্রকৃত পৰিমাপ আমি সংগ্রহ কৰা ফলক বা পদকত নহয়, মানুহে আমাৰ প্রতি অনুভৱ কৰা মৰম আৰু সন্মানতহে নিহিত হৈ থাকে৷ উপাধি নহয়, থাকি যায় চৰিত্র৷
এনে লোকো অনেক আছে যি আন্তৰিকতাৰে জীয়াই থাকে৷ স্বাভাৱিকতেই তেওঁলোক মানৱীয় গুণবোৰৰ প্রতি সংবেদ্য৷ এই সংবেদনশীলতাই স্পর্শ কৰি যায় তেওঁলোক সংস্পর্শলৈ অহা সকলোকে৷ তথাকথিত কৃতিত্ব স্মৃতিৰ পৰা হেৰাই যায়, থাকি যায় এই মূল্যবোধবোৰ৷ যি ব্যক্তি নিঃস্বার্থভাৱে জীয়াই থাকে আৰু বিনিময়ত আনক বিচৰাতকৈ বেছি দান কৰে, তেওঁ সকলোৰে অন্তৰত সদিচ্ছাৰ বীজ ৰোপণ কৰি যায়৷ এয়েই দৰাচলতে উত্তৰাধিকাৰৰ সাৰমর্ম– লগত কি লৈ গৈছে নহয়, কি এৰি থৈ গৈছে৷
মৃত্যুৰ দৃষ্টিত সকলো সমান৷ মৃত্যুৱে সকলোকে সমান কৰি পেলায়৷ আপাতদৃষ্টিৰ সকলো পার্থক্য মৃত্যুৱে আঁতৰাই পেলায়৷ মৃত্যু এক মহান সমতা স্থাপনকাৰী মৃত্যু এক প্রকাশক, উদ্ঘাটক৷ জীৱনৰ শেষত উপাধি, ধন–সম্পত্তি আৰু তথাকথিত মর্যাদাৰ গুৰুত্ব নাইকিয়া হৈ পৰে, মানৱতাহে হৈ পৰে সবাতোকৈ গুৰুত্বপূর্ণ৷ মৃত্যুৱে উদ্ঘাটন কৰে, প্রকাশ কৰে আমি প্রকৃততে কোন৷ আমাৰ মৃত্যুৰ প্রতি মানুহে যি ধৰণে সঁহাৰি জনায়, সেয়া আমি কোন আছিলোঁ তাৰ এক অকথিত প্রমাণ হৈ পৰে৷ মৃত্যুৱে আমাক শেষ নকৰে৷ মৃত্যুৱে আমাক প্রকাশ কৰে৷
মৃত্যুৰ পাছত ৰতন টাটাৰ উইলখন প্রকাশ পাইছে৷ ব্যক্তিগতভাৱে ৰতন টাটা দহ হেজাৰ কোটি টকাৰ ধন–সম্পত্তিৰ গৰাকী আছিল৷ এই ধন–সম্পত্তিৰ কিছু কিছু অংশ তেওঁ ভাতৃ–ভগ্ণীকেইজনক দি গৈছে, কিন্তু ব্যক্তিগত সহায়কসকলকো দি গৈছে, ভাতৃ জিম্মী টাটা আৰু ভগ্ণী শিৰিণ আৰু ডীনাই যিদৰে অংশ পাইছে ব্যক্তিগত সহায়ক শান্তনু নাইডু, ৰান্ধনী ৰাজেন শ্ব’ আৰু তেওঁৰ লগত পাকঘৰত কাম কৰা চুবিয়া আৰু তেওঁৰ জার্মান শ্বেফার্ড কুকুৰটোৰ বাবেও ভাগ আছে৷ কিন্তু তেওঁৰ ধন–সম্পত্তিৰ অধিকাংশই পাব ৰতন টাটা এনডাউমেণ্ট ফাউণ্ডেচনে৷ সমাজৰ হিতৰ বাবে গঢ়ি তোলা এটা সংস্থা৷ ব্যক্তিগত লাভালাভৰ বাবে এই সংস্থাই কাম নকৰে৷ এই সংস্থাটোৰ কাম–কাজৰ ক্ষেত্র হ’ল শিক্ষা, স্বাস্থ্য, কলা আৰু সংস্কৃতি৷ এই সংস্থাৰ সকলো আয় ব্যৱহাৰ কৰা হয় দাতব্য কার্যক্রমত৷
ৰতন টাটা আজি আমাৰ মাজত নাই৷ কিন্তু এৰি থৈ গৈছে এক অসাধাৰণ উত্তৰাধিকাৰ–মানৱীয় মূল্যবোধৰ সমৃদ্ধি৷ এই অনুভূতি আৰু অনুভৱে তেওঁক খোদিত কৰি ৰাখিছে কোটি কোটি মানুহৰ হূদয়ত৷ নম্রতা, মমতা আৰু অটল সততাৰে চিহ্ণিত তেওঁৰ জীৱনৰ কর্মই তেওঁক কৰি তুলিছে ভাৰতৰ প্রকৃত ‘ৰতন’, যিটো উপাধি তেওঁক ভাৰতৰ জনগণে প্রদান কৰিছে স্বতঃস্ফূর্তভাৱে, অন্তৰৰ পৰা৷
আমি কেনেধৰণৰ উত্তৰাধিকাৰ এৰি যাব বিচাৰোঁ বস্তুবাদী সাফল্যৰে উত্তৰাধিকাৰ গঢ়িব নোৱাৰি৷ আমাৰ চৰিত্র আৰু কর্মই আনৰ ওপৰত নীৰৱে পেলোৱা প্রভাৱেহে গঢ়ি তোলে প্রকৃত উত্তৰাধিকাৰ৷
জীৱন উদ্ঘাটন কৰি জীৱন কি সেয়াই আমাক মৃত্যুৱে শিকাই যায়৷
ফোন : ৯৪৩৫০–৪৮৪৮০