নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ ইৰানত ৭০ হাজাৰ বন্দীক মুকলি

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰা ক’ৰোনা ভাইৰাছৰ বাবে সাময়িকভাৱে ৭০ হাজাৰ বন্দীক মুকলি কৰি দিয়া হৈছে ইৰানত । দেশখনৰ বিচাৰ ব্যৱস্থাৰ প্ৰধান ইব্ৰাহিম ৰাইচিয়ে জনোৱা অনুসৰি সাময়িকভাৱে ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে মুক্ত কৰি দিয়া হৈছে ৭০ হাজাৰ বন্দীক ।

জন হপকিন্স বিশ্ববিদ্যালয়ৰ ক’ৰোনা ভাইৰাছ ৰিচাৰ্ছ চেণ্টাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে, ইৰানত ৬ হাজাৰ মানুহ ক’ৰোনাত আক্ৰান্ত হৈছে । মুঠ জনসংখ্যাৰ প্ৰতি ১২ হাজাৰ জনৰ এজন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ।

You might also like