নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই সন্তানৰ পিতৃ লম্পট বৰুণ বিশ্বাসক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ মহানগৰীৰ প্রাগজ্যোতিষপুৰ থানা এলেকাৰ পশ্চিম মায়ঙৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন নির্যাতন চলাই ৰঙা ঘৰৰ আলহী হ’ল দুই সন্তানৰ পিতৃ৷ জানিব পৰা মতে যোৱা ৪ মার্চত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ লৈ অঞ্চলটোৰ লম্পট চৰিত্রৰ বৰুণ বিশ্বাসে কিশোৰীগৰাকীক চকলেট দিয়াৰ প্রলোভন দি নিজ বাসগৃহলৈ লৈ যায়৷ লম্পট বৰুণে কিশোৰীগৰাকীক ঘৰলৈ মাতি নি যৌন নির্যাতন চলায়৷ পিছত কিশোৰীগৰাকীয়ে সকলো কথা পৰিয়ালৰ আগত বিৱৰি কোৱাত পৰিয়ালৰ লোকে ঘটনা সন্দর্ভত প্রাগজ্যোতিষপুৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত এক গোচৰ ৰুজু কৰি অভিযুক্ত বৰুণ বিশ্বাসক আটক কৰাৰ বাবে অভিযান চলায় যদিও অভিযুক্ত বৰুণ বিশ্বাসে আত্মগোপন কৰে৷ অৱশেষত আৰক্ষীয়ে এক গোপন সূত্রৰ পম খেদি নগাঁও জিলাৰ কচুৱা গাঁৱত অভিযান চলাই অভিযুক্ত বৰুণ বিশ্বাসক গ্রেপ্তাৰ কৰে৷ আজি আৰক্ষীয়ে অভিযুক্ত বৰুণ বিশ্বাসক জে’ল হাজোতলৈ প্রেৰণ কৰে৷

You might also like