নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত বজালীৰ মেধাৱী ছাত্ৰী মনমিতা পাটগিৰী

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ যিসময়ত পঢ়া শুনাকে ধৰি লগৰ বন্ধু বান্ধৱীৰ সতে সময় অতিবাহিত কৰিব লাগিছিল সেই সময়তে এতিয়া চিকিৎসালয়ৰ বিচনাত যন্ত্ৰণাকাতৰ জীৱন কটাবলগীয়া হৈছে বজালীৰ শিঙিমাৰীৰ মেধাবী শিক্ষাৰ্থী মনমিতাই৷ উল্লেখযোগ্যযে শিঙিমাৰী গাঁও নিৱাসী দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা বুবুল পাটগিৰীৰ কন্যা মনমিতা পাটগিৰী বিগত কেবামাহো ধৰি পেনক্ৰাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে যদিও সম্প্ৰতি ছোৱালীজনীৰ অৱস্থা সংকটজনক হোৱা হেতু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ  নিবলৈ পৰিয়ালক অৱগত কৰাত এতিয়া সমস্যাত ভুগিছে অতি দুখীয়া পৰিয়ালটোৱে৷ তীব্ৰ আৰ্থিক সংকটত ভুগি থকা পৰিলায়টোৱে জানিবলৈ দিয়া অনুসৰি ছোৱালীগৰাকীৰ চিকিৎসাৰ কাৰণে দুই এদিনৰ ভিতৰত AIG হায়দৰাবাদলৈ ৰাওনা হব যাৰ বাবে এতিয়া প্ৰয়োজন হৈ টকাৰ৷ ছোৱালীজনীৰ চিকিৎসাৰ বাবে হৃদয়বান লোকৰ পৰা সহায় ভিক্ষা বিচাৰি আবেদন জনাইছে পৰিয়ালটোৱে৷ যদি কোনোবা হৃদয়বান লোকে মেধাবী ছোৱালীজনীক সহায় কৰিব বিচাৰে তেন্তে ছোৱালীজনীৰ নামত থকা একাউন্টযোগে সহায় কৰিব পাৰিব বুলি জনাইছে পৰিয়ালটোৱে৷ একাউন্টৰ সবিশেষ এনেধৰণৰ

Name: MANMITA PATGIRI
Account Number:- 110173827225
IFSC Code:-‌ CNRB0004334
Branch : Hathinapur

You might also like