নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থলসেনাত বিষয়া হিচাপে নিযুক্তি লাভ শ্বহীদ পত্নীৰ

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ শ্বহীদ স্বামীৰ পদাংক অনুসৰণ কৰি ভাৰতীয় স্থলসেনাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী সাহসী মহিলা৷ গৌৰীপ্রসাদ মাহাদিক নামৰ এই মহিলাগৰাকী হৈছে শ্বহীদ মেজৰ প্রসাদ মাহাদিকৰ পত্নী৷ ৭ মার্চত চেন্নাইৰ অফিচাৰ ট্রেইনিং একাডেমী (অ’টিএ)ৰ পৰা সেনা বিষয়া হিচাপে উত্তীর্ণ হৈছে গৌৰীপ্রসাদ মাহাদিক৷ মাহাদিকে সশস্ত্র বাহিনীত সেনা বিষয়া হিচাপে নিযুক্তি লাভ কৰাৰ সময়ত উল্লেখ কৰিছে যে জীৱনত কোনোদিনে তেওঁৰ সৈনিক হোৱাৰ সপোন নাছিল৷ এগৰাকী সেনা বিষয়াৰ পত্নী হোৱাৰহে সপোন আছিল বুলি গৌৰীয়ে উল্লেখ কৰিছে৷ স্মর্তব্য যে ২০১৭ৰ ৩০ ডিচেম্বৰত অৰুণাচলৰ টাৱাঙত প্রাণহানি হৈছিল মেজৰ প্রসাদ মাহাদিকৰ৷ তেতিয়াৰে পৰা গৌৰীৰ জীৱনত আহি পৰে ধুমুহা৷ কিন্তু স্বামীৰ কর্মৰ দ্বাৰা অনুপ্রাণিত হৈ সশস্ত্র বাহিনীত যোগদান কৰাৰ সংকল্প লয় গৌৰীয়ে৷ শেহতীয়াকৈ সেনা বিষয়া হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে গৌৰীয়ে স্বামীৰ আধৰুৱা কাম সম্পূর্ণ কৰাৰ সংকল্প গ্রহণ কৰিছে৷

You might also like