🔹 এছিয়াৰ ৩০ দেশৰ প্রতিনিধিৰ উপস্থিতিত ড০ শর্মাক সন্মান
🔹 দেশৰ ভিতৰতে অসমৰ অভিলেখসংখ্যক শিশুৰ ফটা ওঁঠ-ফটা তালুৰ চিকিৎসা
বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : অপাৰেচন স্মাইলৰ জৰিয়তে ২০০৯ চনৰ পৰা দেশৰ ভিতৰতে সবাতোকৈ অসমত কণ কণ শিশুৰ ফটা ওঁঠ, ফটা তালুৰ চিকিৎসা কৰি অসমে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ স্বাস্থ্যমন্ত্রী হৈ থকা সময়তে আৰম্ভ কৰা অপাৰেচন স্মাইলৰ জৰিয়তে ২৫ হাজাৰ শিশুৰ মুখত হাঁহি ওভতাই আনিবলৈ সক্ষম হোৱা বাবে কালি স্মাইল এছিয়াই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক বিশেষ সম্বর্ধনা জ্ঞাপন কৰে৷ গুৱাহাটীৰ হোটেল ভিভাণ্টাত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত এছিয়া মহাদেশৰ প্রায় ৩০খন দেশৰ প্রতিনিধিৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ শর্মালৈ আগবঢ়োৱা এই সন্মান আনুষ্ঠানিকভাৱে গ্রহণ কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, স্মাইল এছিয়াৰ সহঃ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে ২০০৯ চনত স্বাস্থ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই অপাৰেচন স্মাইল আৰম্ভ কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল৷ দেশৰ ভিতৰতে সর্বাধিক অসমত ফটা ওঁঠ আৰু ফটা তালুৰ অস্ত্রোপচাৰেৰে শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ড০ শর্মাক এই পদক্ষেপৰ বাবে স্মাইল এছিয়াই শলাগ লোৱাৰ লগতে ড০ শর্মাৰ পদক্ষেপে শিশুসকলক আগুৱাই নিয়াত সহায় কৰা বুলিও উদ্যোক্তাসকলে শলাগ লয়৷ মুখ্যমন্ত্রী হিচাপেও ড০ শর্মাই অপাৰেচন স্মাইলক আগুৱাই নিয়াত বিশেষ উদ্যোগ গ্রহণ কৰি আহিছে৷ ২০০৯ চনৰ পৰা ড০ শর্মাৰ উদ্যোগত এই অপাৰেচন স্মাইলে লাভ কৰা বিশেষ সাফল্যৰ বাবে ৰঞ্জিত বৰঠাকুৰেও শলাগ লয় মুখ্যমন্ত্রী ড০ শর্মাৰ৷