নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাজয় নিশ্চিত দেখি চামগুৰিত পিতা-পুত্ৰই আবোল-তাবোল বকিছে

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতো ৰাজনৈতিক বতাহ গৰম হৈয়ে আছে। বিশেষকৈ বিজেপি আৰু কংগ্ৰেছ দলে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে কৰা অভিযোগ -প্ৰতি অভিযোগ এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। কালি চামগুৰি উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে সমষ্টিটোৰ উপ-নিৰ্বাচনত ৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ তুলি ৰিটাৰ্নিং বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অভিযোগত সমষ্টিটোৰ উপ নিৰ্বাচনত ব্যাপক ৰিগিং হোৱা আৰু সেই ৰিগিঙত বিজেপি নেতা-কৰ্মী আদি জড়িত থকাৰ কথা উল্লেখ কৰিছিল।ইয়াৰ পিছতে আজি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি কংগ্ৰেছক উভতি ধৰে। বিধায়ক শৰ্মাই কয় যে, কাৰোবাৰ অভিযোগ থাকিলে অভিযোগ দিব পাৰে। কিন্তু সেই অভিযোগৰ সত্য- সত্যতা থাকিব লাগিব ,তাৰ যথোচিত প্ৰমাণ দিব লাগিব। আগৰ চামগুৰিৰ নিৰ্বাচনত ৰিগিং কৰাৰ পৰম্পৰা কংগ্ৰেছৰহে আছিল  বুলি মন্তব্য কৰি শৰ্মাই  কয় যে, সমষ্টিটোৰ ভোটাৰে অভিযোগ কৰা মতে তেওঁলোকে কেতিয়াবা ভোট দিৱলৈকে নাপায়। বেলেগে ভোট দি গুচি যায়। এইবাৰ যাতে এনে নহয় তাৰ বাবে প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। আমিও এইক্ষেত্ৰত সজাগ হৈ আছিলোঁ। যাৰ বাবে তেওঁলোকে এইবাৰ এনেবোৰ কাম কৰিব নোৱাৰিলে। এইবাৰ  এনে কাম কৰিব নোৱাৰাৰ বাবেই ওলোটাই বিজেপিৰ ওপৰত মিছা অভিযোগ তেওঁলোকে আনিছে। বিধায়ক শৰ্মাই লগতে আৰু কয়, “তেওঁলোকে মোৰ লগতে সতীৰ্থ বিধায়ক এজনৰ নামো সাঙুৰিছে।আমি এনেধৰণৰ কাম কাজক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ।” বিধায়কগৰাকীয়ে কয়,” আমি উন্নয়ন কৰি, ৰাইজৰ মাজত থাকি ৰাজনীতি কৰিছো। ৰাইজক ভয় ভাবুকি দিয়াৰ প্ৰয়োজনেই নাই। বিজেপি দল নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত দল।  বিজেপি দলে এনেধৰণৰ কাম কেতিয়াও নকৰে।” তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিগত চাৰিবছৰত কৰা উন্নয়ন ৰাইজৰ চকুত পৰিছে। বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ৰাইজৰ উন্নয়ন সধাৰ লগতে ৰাইজক শান্তি আৰু সুৰক্ষা প্ৰদান কৰি আহিছে। এইবাৰ উপ নিৰ্বাচন অনুষ্ঠিত পাঁচটা বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী  জয়ী হব বুলি দাবী কৰি শৰ্মাই কয়,” চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা বিপুল ভোটত জয়ী হ’ব। বহুতে সন্দেহ কৰিছিল চামগুৰিত বিজেপি জিকিবনে নিজিকে। সংখ্যলঘুৰ ভোট বেছি আছে।কিন্তু এইবাৰ হিন্দু -মুছলমান সকলো ওলাই আহিছে। তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে।নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমাক ৰাইজে কৈছিল যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূখী যাত্ৰাত চামগুৰি সমষ্টি পিছপৰি আছিল। এতিয়া আমি বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাক জয়ী কৰাই উন্নয়নৰ যাত্ৰাত চামিল হব বিচাৰিছো।” আগতে চামগুৰি সমষ্টিত ভয় ভাবুকিৰে কংগ্ৰেছে ভোট আদায় কৰিছিল বুলি ৰাইজে কোৱা বুলি উল্লেখ কৰি লগতে কয় যে আনকি কংগ্ৰেছক ভোট নিদিলে অত্যাচাৰো কৰা হৈছিল। কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি বিধায়ক গৰাকীয়ে কয় যে,কংগ্ৰেছ হাৰিলে ইভিএমক দোষ দিয়ে। ধুবুৰীত ৰকিবুল হুছেইন দহলাখ ভোটত জিকিছিল।যোৰহাটত গৌৰৱ গগৈ জিকিছিল।তেতিয়া ইভিএম বেয়া নাছিল নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয়, ” কংগ্ৰেছ জিকিলে ইভিএম ভাল।” বিধায়ক শৰ্মাই কয়,”বিজেপি চৰকাৰে খিলঞ্জীয়া ভুমিপুত্ৰৰ হৈ কাম কৰিছে। কাৰ্বি ,ৰাভা ,বড়ো আদি সকলো জনগোষ্ঠীক আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে।” অসমৰ ৰাইজে এতিয়া কংগ্ৰেছক বিশ্বাসত নলয় বুলি মন্তব্য কৰি শৰ্মাই কয় যে, চামগুৰিৰ আমবাগানকে ধৰি  পাঁচটা পঞ্চায়তত  প্ৰচাৰ চলাই গম পাইছিলোঁ যে এইবাৰ চামগুৰিত বিজেপি বিপুল ভোটত জয়ী হ’ব। এতিয়া কংগ্ৰেছে পৰাজয়ৰ উমান পায় ৰিগিঙৰ অভিযোগ তুলি ৰাইজক  বিভ্ৰান্ত কৰিব বিচাৰিছে। কেৱল কংগ্ৰেছেহে এনেধৰণৰ কাম কৰে।কিন্তু এইবাৰ  ৰকিবুল হুছেইন এই কাৰ্যত বিফল হ’ল। চামগুৰিত ভয় ভাবুকিৰ ৰাজনীতিৰ বাবে ৰকিবুল হুছেইন জগৰীয়া বুলি ৰূপক শৰ্মাই মন্তব্য কৰে। তানজিলেও ৰিগিঙৰ অভিযোগ আনিছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনক সমালোচনা কৰি বিধায়ক শৰ্মাই কয়,”আমাৰ বিৰুদ্ধেও তাঞ্জিল হুছেইনে অভিযোগ আনিছে।মই প্ৰত্যাহ্বান জনাইছো প্ৰমাণ আছে যদি দাখিল কৰক।নিৰ্বাচনৰ দিনা আমি কোনো ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাই নাই। দলৰ কৰ্মকতাৰ লগত পৰিস্থিতিৰ বুজ লও।মিছা অভিযোগ নিদিবলৈ মই তেওঁলোকক সকিয়াই দিছো।এতিয়া হাৰিব বুলি জানি সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী আৰু  তেওঁৰ পিতৃয়ে আবোল -তাবোল বকিবলৈ আৰম্ভ কৰিছে।” সাংবাদিকে অখিল গগৈ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত অখিল গগৈক সমালোচনা কৰি শৰ্মাই কয় তেওঁ চামগুৰিলৈ এদিনো অহা নাই। তেওঁ কেনেকৈ জানিব চামগুৰিৰ কথা। তেওঁ বাহিৰা মানুহ। তেওঁ কংগ্ৰেছৰ হৈ কাম কৰিছে। চামগুৰিৰ সমীক্ষা আমিহে জানো।” সংবাদমেলত বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিত নাথ, বিজেপি নেতা সীমান্ত বৰা, অমিতাভ বৰা আদিয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক কনক হাজৰিকা
You might also like