বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ চিফুং, ছেৰজা, জটা আৰু খামৰ ধ্বনিৰে বাগৰুম্বা আৰু ৰৌনছন্দ্ৰী উপভোগ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত প্ৰথম বড়োলেণ্ড মহোতসৱত আজি বৰকৈ আবেগিক হৈ পৰে। বন্দুক হাতত লৈ কাৰোবাক মাৰিবলৈ উদ্যত পুত্ৰৰ বেদনা সহ্য কৰা মাতৃয়ে যেতিয়া বন্দুক এৰি ঘৰলৈ অহা সন্তানক লৈ যিমান স্বস্তি তথা আনন্দ উপলব্ধি কৰে বড়োলেণ্ডত ঘুৰি অহা শান্তিকলৈ ঠিক তেনেই আনন্দ উপভোগ কৰে দেশৰ প্ৰধানমন্ত্ৰীজনে। অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ সহস্ৰাধিক বড়োৰ সমাবেশত বড়োলেণ্ড মহোতসৱৰ শুভ উদ্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে এনেদৰে নিজৰ চিন্তা তথা আবেগৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীৰ মতে, আদিবাসী বীৰ বীৰছা মুণ্ডাৰ ১৫৫ সংখ্যক জন্মজয়ন্তীৰ জনজাতি গৌৰৱ দিৱসত দেশৰ ৰাজধানীৰ বুকুত আয়োজন কৰা বড়োলেণ্ড মহোতসৱে আদিবাসী তথা জনগোষ্ঠীয় ইতিহাসৰ পাতত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক কেৱল বড়োলেণ্ডৰ বাবে নহয়, অসম তথা সমগ্ৰ দেশৰ বাবেই শান্তি, সংস্কৃতি আৰু সমৃদ্ধিৰ নতুন ভৱিষ্যতৰ উতসৱ হিচাপে অভিহীত কৰে। ২০২০ চনত স্বাক্ষৰিত ঐতিহাসিক বড়ো শান্তি চুক্তিয়ে কেনেদৰে বড়ো সমাজত প্ৰগতিৰ ঢৌ কঢ়িয়াই আনিছে সেই সন্দৰ্ভত বিভিন্ন ৰূপক ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীয়ে উতসৱথলীত আজি সন্ধিয়া আবেগৰ বান সৃষ্টি কৰে। বড়ো চুক্তিয়ে কেৱল বড়ো সকলৰ উত্তৰণৰ বাট প্ৰশস্ত কৰা নাই লগতে অসম তথা উত্তৰপূৰ্বাঞ্চলৰ আন কেবাটাও জনগোষ্ঠীৰ সমৃদ্ধিৰ বাট প্ৰশস্ত কৰা বুলি উল্লেখ কৰি মোদীয়ে কয় যে বড়ো চুক্তিৰ পিছত কেৱল অসমতেই দহ হাজাৰ সশস্ত্ৰ যুৱকে অস্ত্ৰ পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি আহিছে। আন আন চুক্তিৰ বাট মুকলি কৰিছে। কাৰ্বি, ব্ৰু, এন এল এফ টিৰ সৈতে হোৱা আদি চুক্তিৰ কথা সদৰি কৰি মোদীয়ে কয় যে বড়ো সকলৰ বাবেই এইবোৰ চুক্তি সম্ভৱপৰ হৈছে। মোদীয়ে আজি নক্সাল বিদ্ৰোহীসকলৰ বাবেও এক বাৰ্তা প্ৰদান কৰে। মাওবাদীসকলৰ উদ্দেশ্যে মোদীৰ আহ্বান– আপোনালোক বড়ো সকলৰ পৰা শিক্ষা লওক। বন্দুকে যে কোনো পৰিণাম নানে সেই কথা উপলব্ধি কৰক। বড়ো জাতিয়ে লোৱা পথেই শেষ পৰিণাম আনে। লক্ষ্যনীয়ভাবে প্ৰদানমন্ত্ৰী মোদীয়ে আজি সমগ্ৰ বড়ো জাতিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বড়ো জাতিৰ সকলো আশা-আকাংশ পুৰণ কৰিব। বড়ো জাতি তথা বড়ো সংস্কাৰক শক্তিশালী কৰিব তুলিব। কেন্দ্ৰৰ তৰফত ইতিমধ্যে বড়োলেণ্ডৰ বাবে ১,৫০০ কোটি টকাৰ বিশেষ পেকেজ দিয়া হৈছে। অসম চৰকাৰেও বিশেষ উন্নয়ন পেকেজ প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে প্ৰতি বছৰ আগবঢ়াই থকা ৮০০ কোটি টকাৰ কথা ব্যক্ত কৰিছে। বড়োলেণ্ডৰ শিক্ষা, স্বাস্থ্য, সংস্কৃতিৰ আন্তগাথনী উন্নয়নৰ বাবে প্ৰদান কৰা ৭৫০ কোটি টকাৰ কথাও তেওঁ উল্লখ কৰিছে। এনডিএফবিৰ চাৰি সহস্ৰাধিক কেডাৰক প্ৰদান কৰা পুনৰ্সংস্থাপনৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে বড়ো সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসকলক ৫ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হৈছে। বড়োলেণ্ডত বিকাশৰ যি বটবৃক্ষ ৰোপন কৰাৰ কথা আছিল সেয়া কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কৰিছে। মোদীয়ে বড়োলেণ্ডত প্ৰতিবছৰ পালন কৰি থকা লিটাৰেৰি ফেষ্টিভেলৰ কথা বিশেষভাবে উল্লেখ কৰি বড়ো সাহিত্যসভাৰ ভূয়সি প্ৰশংসা কৰি নতুন দিল্লীৰ বড়োলেণ্ড মহোতসৱক বড়ো সাহিত্য আৰু ভাষাৰ উতসৱ হিচাপে অভিহীত কৰে। উল্লেখ্য যে দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত এই উতসৱত বড়োলেণ্ডকলৈ থকা প্ৰদৰ্শনী পৰিদৰ্শন কৰা মোদীয়ে নিজৰ ভাষণত কয় যে প্ৰদৰ্শনীত গৈ দেখিলো বড়োলেণ্ডৰ ২১ বিধ বস্তু জি আই টেগ থকা সামগ্ৰী। আৰনাই, দোখনা, ছিফুং আদি চাই দেখিলো এইবোৰ বস্তু যতেই নাথকক কিয় বড়ো সংস্কৃতিৰ পৰিচায়ক হৈ থাকিব। মোদীয়ে আজি বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম, অহিংসাৰ পুজাৰক কালীচৰণ ব্ৰহ্মৰ কথাও সবিশেষ অবতাৰণা কৰি কয় যে মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে হৰিশংকৰ ব্ৰহ্ম, মেঘালয়ৰ ৰাজ্যপাল হিচাপে ৰঞ্জিত মুছাহাৰীয়ে ইতিমধ্যে বড়ো জাতিক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ তুলি আনিছে। আনহাতে বড়োলেণ্ডত নিহীত হৈ থকা পৰ্যটনখণ্ডৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে অসম যেনেদৰে সমগ্ৰ ভাৰতৰ পৰ্যটনখণ্ডৰ অন্যতম শক্তি ঠিক তেনেদৰেই বড়োলেণ্ড হৈছে অসমৰ পৰ্যটনৰ অন্যতম শক্তি। এই প্ৰসংগত মোদীৰ মনোজ্ঞ বক্তব্য– এটা সময়ত মানস অভায়ৰণ্যৰ দৰে আন আন অভয়াৰণ্যসমূহ উগ্ৰপন্থীৰ ঘাঁটি হৈ আছিল। আজি এই অভয়াৰণ্য সমূহে হৈছে পৰ্যটনৰ মূল আকৰ্ষণ। নিজৰ ভাষণৰ পৰিশেষত মোদীয়ে পুনৰ বড়ো জাতিৰ আশা-আকাংখা পুৰণ কৰিবলৈ যিমান পৰিশ্ৰম কৰিব লাগে সিমানে কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে বড়োলেণ্ডৰ মুৰব্বী প্ৰমোদ বড়োই নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদিবাসীসকলৰ মাছিহা বুলি অভিহীত কৰি বড়ো ডাতিৰ অভিভৱক বুলি উল্লেখ কৰি কয় যে মোৰ আশা বড়ো জাতিৰ আশা-আকাংখা মোদীৰ কাৰ্যকালতেই সম্ভৱপৰ হব। উল্লেখ্যে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বড়োলেণ্ড মহোতসৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ কথা আছিল যদিও ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থকাৰ বাবে তেওঁ ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। মন কৰিব লগীয়া যে দেশৰ শান্তি আৰু সমৃদ্ধিৰ কামনাৰে আয়োজন কৰা বড়োলেণ্ড মহোতসৱৰ দ্বিতীয় দিনা অৰ্থাত কাইলৈ ৰাজঘাটৰ পৰা যন্তৰ মন্তৰলৈকে পাঁচ সহস্ৰাধিক বড়োৰ এক শোভাযাত্ৰা অনুষ্ঠিত হব। যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বড়ো সমাজক আগতীয়াকৈ শুভকামনা প্ৰদান কৰে।
প্ৰেৰক কল্লোল ভৌমিক