নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি : কটনৰ ছাত্ৰক নিৰ্মম অত্যাচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ নৱেম্বৰঃ গুৱাহাটীত আৰক্ষীৰ গুণ্ডাৰাজ। এগৰাকী জমেটো বয়ক মাজ ৰাস্তাত ধৰি পাশৱিক অত্যাচাৰ চলালে এগৰাকী আৰক্ষী বিষয়াই। আনকি ইমানতে ক্ষান্ত নাথাকি মাৰি পেলামজাতীয় শব্দৰে এনেদৰে অত্যাচাৰ চলায় যে সেয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে হাহাকাৰ লাগে আৰক্ষী মহলত। লগে লগে চাকৰিৰ পৰা নিলম্বন কৰা হয় আৰক্ষী বিষয়াগৰাকীক। গুণ্ডাৰাজ চলোৱা এই আৰক্ষী বিষয়াগৰাকী হল ভাৰ্গৱ বৰবৰা। আনহাতে ভুক্তভোগী যুৱকজন হল কটন বিশ্ববিদ্যালয়ৰ সদ্যপ্ৰাক্তন ছাত্ৰ জ্ঞানদীপ বৰা। উল্লেখ্য যে কালি ফাঁচীবজাৰত No entryৰে সুমুৱাত আৰক্ষীয়ে ৰখিবলৈ দিয়া নিৰ্দেশ অমান্য কৰাৰ বাবেই আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই নিৰ্মম অত্যাচাৰ চলাইছিল যুৱকজন। তাৰ পিছত থানালৈ লৈ যোৱা যুৱকজনক আৰু প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিয়া হয় জ্ঞানদীপ হাজৰিকাক। থানাৰ পৰা ওলোৱাৰ পিছতে জ্ঞানদীপে কয়, No entryৰে সুমুৱাটো মোৰ ভুল আছিল। মোক থানাৰ ভিতৰত প্ৰহাৰ নাই কৰা, কিন্তু ফাঁচী বজাৰত প্ৰহাৰ কৰিছে। গালত অলপ দুখ পাইছো। মই কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ হৈ থাকোঁতেই ডেলিভেৰী বয় হিচাপে কাম কৰি আছিলো। আৰু এটা পৰীক্ষা দিবলৈ বাকী আছে। প্ৰায় ৬ মাহ হ’ল এই কামটো কৰাৰ। ঘৰত মা আৰু ভণ্টি আছে। ইফালে আৰক্ষী বিষয়াজনক শাস্তিমূলক নিলম্বনৰ বিষয়ে সোধাত জ্ঞানদীপ দোধোৰ মোধোৰ অৱস্থাত পৰে। তেওঁ কয়, পিছে আৰক্ষী বিষয়াগৰাকীক শাস্তি দিয়া বুলি শুনিছো, এতিয়া মই কি ক’ম! ইফালে জ্ঞানদীপৰ মাতৃয়ে কয় যে মোৰ ল’ৰাটোক এনেকৈ মৰাৰ বাবে মই দুখ পাইছো, তাৰ কিবা এটা হোৱা হ’লে কি হ’লহেঁতেন? সি যে EXTRA কাম কৰে, ডেলিভাৰীৰ কাম কৰে মই নাজানো। মোৰ ল’ৰাটোক কটনত পঢ়িবলৈ পঠিয়াইছো, মোৰ ল’ৰাটোক আৰক্ষীয়ে ইমান বেয়াকৈ মাৰিব নালাগিছিল। ইফালে কটনৰ ছাত্ৰক আক্ৰমণ কৰা OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে কটনিয়ানে। তেওঁলোকৰ দাবী- নিলম্বন নহয়, বৰ্খাস্ত কৰক OC ভাৰ্গৱ বৰবৰাক। উল্লেখ্য যে পিতৃহাৰা শোণিতপুৰৰ জ্ঞানদীপে পঢ়াৰ উপৰি উপাৰ্জনৰ বাবে বিভিন্ন কাম কৰিছিল। ফুড ডেলিভাৰীৰ উপৰি বিভিন্ন কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল জ্ঞানদীপে। নিজৰ ক্লাছ শেষ কৰি নিশাৰ ভাগত ফুড ডেলিভাৰীৰ কাম কৰি হাত খৰচ আৰু পঢ়াৰ বাবে উপাৰ্জন কৰিছিল জ্ঞানদীপে।

You might also like