কৰাচীত ক্রিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ নিজৰ দেশত চেম্পিয়নছ ট্ৰফী ২০২৫ আয়োজন কৰিবলৈ সম্প্রতি কঠোৰ পৰিশ্রম কৰি আছে পাকিস্তান ক্রিকেট ব’র্ডে৷ পিচিবিৰ এই আয়োজনৰ মাজতে একপ্রকাৰ বাধাৰূপে থিয় দিছে টীম ইণ্ডিয়া৷ কিয়নো ভাৰত চৰকাৰে নিজৰ খেলুৱৈসকলৰ সুৰক্ষাৰ কথা উল্লেখ কৰি দলটোক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে৷ তেনেক্ষেত্রত পাকিস্তানে বাৰে বাৰে উচ্চ পর্যায়ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা বুলি দাবী কৰি আহিছে৷ তাৰ মাজতে দেশখনত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা৷ ৰাষ্ট্রীয় মহিলা চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিবলগীয়া খেলুৱৈসকল থকা হোটেলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে৷ সেয়ে চেম্পিয়নছ ট্ৰফীৰ সুৰক্ষা সন্দর্ভত পিচিবিৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু প্রশ্ন৷ পিচিবিয়ে জাৰি কৰা এক বিবৃতি অনুসৰি পাকিস্তান ব’র্ডে আকস্মিকভাৱে ঘৰুৱা মহিলা প্রতিযোগিতা ৰাষ্ট্রীয় মহিলা চেম্পিয়নশ্বিপ বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ এহ দলসমূহৰ সকলো খেলুৱৈ আৰু বিষয়াৰ বাবে পিচিবিয়ে এখন হোটেলৰ এটা মহলা সম্পূর্ণৰূপে বুকিং কৰিছিল৷ কিন্তু আকস্মিকভাৱে হোটেলখনত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ ফলত খেলুৱৈসকল ভয়ত বিতত হৈ পৰে৷ সেই সময়ত হোটেলখনত ৫গৰাকী খেলুৱৈ নিজৰ কোঠাত আছিল যদিও কোনোমতে বাহিৰলৈ গৈ প্রাণৰক্ষা কৰে৷ তথ্য অনুসৰি এই ঘটনাৰ সময়ত কৰাচী ষ্টেডিয়ামত অধিকাংশ খেলুৱৈ আৰু বিষয়া ডপস্থিত আছিল৷ একাংশ খেলুৱৈয়ে মেচত অংশগ্রহণ কৰাৰ বিপৰীতে অন্যান্যসকলে নেট অনুশীলনত ব্যস্ত আছিল৷ অগ্নিকাণ্ডটো সংঘটিত হোৱা সময়ত মাত্র ৫গৰাকী খেলুৱৈহে হোটেলত মজুত আছিল৷ তেওঁলোকে কোনোমতে হোটেলৰ পৰা বাহিৰলৈ গৈ প্রাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল৷ পিচিবিয়ে দাবী কৰা মতে, এহ ঘটনাত কোনো খেলুৱৈ আঘাতপ্রাপ্ত নহ’লেও খেলুৱৈসকলৰ সামগ্রীসমূহৰ বিস্তৰ ক্ষতিসাধন হয়৷ সেয়েহে ব’র্ডে তাৎক্ষণিকভাৱে প্রতিযোগিতাখন বাতিল কৰিবলগীয়া হয়৷ কিয়নো বর্তমান কৰাচীৰ কোনো হোটেলতে ডপলব্ধ নাহ ১০০টা খালী কোঠা৷ যাৰ বাবে এহ সিদ্ধান্ত গ্রহণ কৰে ব’র্ডে৷ এই অগ্নিকাণ্ডৰ পিছত পাকিস্তানে চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ ক্ষমতাক লৈ পুনৰ উত্থাপিত হৈছে প্রশ্ন৷ চেম্পিয়নছ ট্ৰফীত ৮টা দলে অংশগ্রহণ কৰাৰ কথা আছে৷