গেংষ্টাৰ কেপিটেললৈ পর্যবসিত নতুন দিল্লী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ নৱেম্বৰঃ ৰাজধানী নতুন দিল্লীৰ আইন–শৃংখলাজনিত পৰিস্থিতি দ্রুতগতিত নিম্নগামী হৈছে৷ অপৰাধীয়ে মুক্তভাৱে ঘূৰি ফুৰিবলৈ সক্ষম হৈছে৷ এই অভিযোগেৰে দিল্লীৰ মুখ্যমন্ত্রী আতিশী সিঙে কেন্দ্রীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ কেন্দ্রীয় চৰকাৰৰ অধীনত থকা দিল্লী আৰক্ষীয়ে আইন–শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ ব্যর্থ হোৱা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো সমালোচনা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী আতিশী সিঙে কয়– দিল্লী গেংষ্টাৰ কেপিটেললৈ পর্যবসিত হৈছে৷ অপৰাধী, ধন দাবী কৰোঁতা, গুণ্ডা নির্বিঘ্ণে ঘূৰি ফুৰিছে৷ সেইসকলে মুকলিকৈ গুলী কৰিছে, কাৰোবাক হত্যা কৰিছে, কাৰোবাক ছুৰীৰে আঘাত কৰিছে৷ আৰক্ষীয়ে একো কৰিব পৰা নাই৷ মই দেশৰ গৃহমন্ত্রী অমিত শ্বাহক প্রশ্ণ কৰিছোঁ– দিল্লীৰ আইন–শৃংখলা পৰিস্থিতি তেওঁৰ অধীনত পৰে৷ কিন্তু তেওঁ দিল্লীবাসীৰ বাবে কি কৰি আছে৷ ৰাজধানী চহৰখনৰ আইন–শৃংখলা পৰিস্থিতি নিম্নগামী হৈছে৷ ধন দাবী, হত্যা প্রতিদিনে সংঘটিত হৈ আছে৷ নির্বাচনৰ প্রচাৰৰ বাদে গৃহমন্ত্রীগৰাকীয়ে একো কৰা নাই৷ উল্লেখ্য যে দিল্লীত বিগত সপ্তাহত সুন্দৰ নাগ্রীক নামৰ ২৮ বছৰীয়া লোক এজনক হত্যা কৰা হৈছিল৷ এই লোকজনৰ পৰিয়ালক সাক্ষাৎ কৰি মুখ্যমন্ত্রীগৰাকীয়ে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়ে৷ পৰিয়ালটোক সাক্ষাৎ কৰি আহিয়েই সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় চৰকাৰ আৰু গৃহমন্ত্রী শ্বাহৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷