নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড° দয়ানন্দ পাঠকলৈ মথুৰা দাস বুঢ়া আতা বঁটা-গজেন মহন্তলৈ সত্ৰ ভূষণ উপাধি

বাৰ্তা ব্যুৰো, বৰপেটা, ২১ নৱেম্বৰঃ অসমৰ অন্যতম বৃহৎ ধৰ্মীয় সংগঠন বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, অসমৰ দ্বাৰা প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা শ্ৰীশ্ৰী মথুৰা দাস বুঢ়া আতা বঁটা আৰু সত্ৰ ভূষণ উপাধি প্ৰাপকৰ নাম ঘোষণা কৰা হৈছে ৷ ২০২৩ বৰ্ষৰ শ্ৰীশ্ৰী মথুৰা দাস বুঢ়া আতা বঁটা আগবঢ়োৱা হৈছে শংকৰী সাহিত্যৰ বিশিষ্ট পণ্ডিত,বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° দয়ানন্দ পাঠকলৈ৷ আনহাতে একশৰণ হৰিনাম ধৰ্মৰ অন্যতম প্ৰচাৰ-প্ৰসাৰক ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনী মৌজাৰ শ্ৰীশ্ৰী মেৰবিল চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্তলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সত্ৰ ভূষণ উপাধি ৷ অহা ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে ড° দয়ানন্দ পাঠকক শ্ৰীশ্ৰী মথুৰা দাস বুঢ়া আতা বঁটা আৰু গজেন মহন্তক সত্ৰ ভূষণ উপাধি প্ৰদান কৰা হ’ব ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ক্ৰমে ২০১৩ চনত বৰপেটা সত্ৰৰ তদানীন্তন বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, ২০১৫ চনত শিল্পী-সাহিত্যিক, বৰপেটা ৰত্ন গোকুল পাঠক, ২০১৭ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰা আৰু ২০১৯ চনত ৰবীন্দ্ৰ নাথ বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ড° অমলেন্দু চক্ৰৱৰ্তীক শ্ৰীশ্ৰী মথুৰা দাস বুঢ়া আতা বঁটা প্ৰদান কৰা হৈছে ৷ আনহাতে ২০১৩ চনত বৰঙাজুলি সত্ৰৰ তদানীন্তন সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত,২০১৫ চনত লখিমপুৰ জিলাৰ বদতি কুমাৰকটা চাঙিনী সত্ৰৰ তদানীন্তন সত্ৰাধিকাৰ মতিলাল পেগু ,২০১৭ চনত বিশিষ্ট সত্ৰীয়া শিল্পী,সংগীত নাটক একাডেমী বঁটা প্ৰাপক জগন্নাথ বায়ন আৰু ২০১৯ চনত যোৰহাট জিলাৰ তিতাবৰ নিৱাসী মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতিৰ সাধক-প্ৰচাৰক তথা সত্ৰ সংগঠক বেণুধৰ কছাৰীক সত্ৰ ভূষণ উপাধি প্ৰদান কৰা হৈছে ৷ ক’ভিড অতিমাৰীৰ বাবে ২০২১ বৰ্ষত কোনো ব্যক্তিকে বঁটা আৰু উপাধি প্ৰদান কৰা হোৱা নাছিল ৷ তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ পোন প্ৰথমবাৰৰ বাবে বৰপেটা জিলাৰ বাহিৰত বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজনৰ বাবে চলোৱা প্ৰাৰম্ভিক প্ৰস্তুতিৰ অংশস্বৰূপে যোৱা ১৩ জুলাইত গুৱাহাটীৰ বামুণীমৈদামস্থিত শ্ৰীমন্ত শংকৰদেৱ সমাজ নামঘৰ প্ৰাংগণত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া তথা বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ,অসমৰ কাৰ্যকৰী সভাপতি গৌতম পাঠক বাপজনাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজনৰ বাবে সৰ্বসন্মতিক্ৰমে এখন পূৰ্ণাংগ আয়োজক সমিতি গঠন কৰা হয় ৷ বৰপেটা সত্ৰৰ সমূহ ভকতক মুখ্য পৃষ্ঠপোষক,বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাস,বৰপেটা লোকসভা সমষ্টিৰ মাননীয় সাংসদ ফণীভূষণ চৌধুৰী,প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে ডা: তাৰা প্ৰসাদ দাস আৰু গুণীন্দ্ৰ নাথ দাস,বাবুল বৰাক পৃষ্ঠপোষক, নাৰায়ণ আতৈ বুঢ়া ভকত, অৱনীৰঞ্জন পাঠক,ড° ভূপেন্দ্ৰ ৰায়চৌধুৰী,ডালিম দাস,উদ্ধৱ পাঠক,অজিত কুমাৰ দেৱান, ডা: কমল কৃষ্ণ দাস, প্ৰদীপ কুমাৰ পাঠক, সনাতন তালুকদাৰক উপদেষ্টা,বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া তথা বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ,অসমৰ কাৰ্যকৰী সভাপতি গৌতম পাঠক বাপজনাক সভাপতি,কুশান চৌধুৰীক কাৰ্যকৰী সভাপতি, মৃগেন্দ্ৰ নাথ তালুকদাৰ,বলেন  দাস, চিত্তৰঞ্জন ওজা,দীপক কুমাৰ দাসক উপ-সভাপতি,বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱ নিৰ্বাচিত সম্পাদক অশোক কুমাৰ দাসক মুখ্য সম্পাদক, প্ৰমথ ৰঞ্জন দাস আৰু দেৱাদীব দাসক যুটীয়া সম্পাদক,ৰবীন দাস পাঠক,ৰমেশ দাস,দীপক তামুলীক সহকাৰী সম্পাদক আৰু লক্ষণ ওজাক কোষাধ্যক্ষৰূপে লৈ আয়োজক সমিতিখন গঠন কৰা হৈছে৷ আয়োজক সমিতিয়ে অহা ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আড়ম্বৰপূৰ্ণভাৱে বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিব৷ এক প্ৰেছ বিজ্ঞপ্তিযোগে বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, অসমৰ প্ৰধান সম্পাদক ড° হৰিৰাম দাসে এই বিষয়ে জানিবলৈ দিয়ে ৷
প্ৰেৰক নৱজিত বায়ন
You might also like