🔹 আলট্ৰা বাছৰ খুন্দাত ঘটনাস্থলীতে নিহত বিদ্যালয়মুখী পিতৃ-কন্যা
নিয়মীয়া বাৰ্তা, বইটামাৰী, ২২ নৱেম্বৰ : বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সন্দুকপাৰা দৈনিক বজাৰৰ সমীপত আজি পুৱা ৮ বজাত এখন তীব্ৰবেগী আলট্ৰা বাছে এখন বাইকক সন্মুখৰ পৰা খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে বাইকখনৰ চালকসহ আৰোহীগৰাকীৰ কৰুণভাৱে মৃত্যু হয়। মৃত্যু হোৱা বাইক চালকগৰাকী বইটামাৰী অঞ্চলৰ শালবাৰী গাঁৱৰ বাসিন্দা তথা বহলপুৰ এছ এফ এছ স্কুলৰ শিক্ষক নাছিৰ উল্লাহ আহমেদ (৪৭) আৰু আৰোহীগৰাকী তেওঁৰে জীয়ৰী তথা উক্ত বিদ্যালয়খনৰ নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী শ্বেহনাজ আহমেদ (১৪) বুলি চিনাক্ত কৰা হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি পুৱা এ এছ-১৯ বি-৪৯৭৯ নম্বৰৰ বাইকখনেৰে নাছিৰ উল্লাহে আনদিনাৰ দৰে আজিও তেওঁৰ জীয়েকক লগত লৈ নিজৰ কৰ্মস্থলী উক্ত বিদ্যালয়লৈ গৈ আছিল। তেনে সময়তে উল্লেখিত স্হানত ধুবুৰীৰ পৰা উত্তৰ শালমাৰা অভিমুখে গৈ থকা এ এছ-১৭ বি-৭৬৯০ নম্বৰৰ তীব্ৰ বেগী আলট্ৰা বাছখনে খুন্দিওৱাত ঘটনাস্থলীতে দুয়ো নিহত হয়। ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। একাংশ লোক উত্তেজিত হৈ পৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা বাছখনত জুই লগাই দিয়ে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুওৱা হয় যদিও বাছখন প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হয়। ইফালে, আৰক্ষীয়ে মৃতদেহ দুটা সংগ্ৰহ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালবৰ্গক গতাই দিয়ে। তদুপৰি তেওঁলোকৰ মৃতদেহ দুটা উল্লেখিত বিদ্যালয়লৈ লৈ গৈ বিদ্যালয় কৰ্তৃপক্ষই শেষ শ্ৰদ্ধা জনায়। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ ১৩গৰাকী যাত্ৰীও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে আন্না হুছেইন (৩৫) গুৰুতৰভাৱে আহত হয়। তেওঁক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আজি পুৱাৰে পৰা নাছিৰ উল্লাহৰ ঘৰত বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আদি জিলাৰ অগণন গুণমুগ্ধই উপস্হিত হৈ শোকাকুল পৰিয়ালটিক সমবেদনা জনায়। সমগ্ৰ বইটামাৰী অঞ্চলৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান -প্ৰতিষ্ঠান আদিৰ লগত সক্ৰিয়ভাৱে জড়িত থকা প্ৰয়াত শিক্ষকগৰাকীয়ে মৃত্যুৰ সময়ত বৃদ্ধ পিতৃ, বৃদ্ধ মাতৃৰ লগতে পত্নীক ইহসংসাৰত এৰি থৈ যায়।