কোহলিৰ নিৰ্দয় প্ৰহাৰত আহত খেলপথাৰৰ নিৰাপত্তাৰক্ষী !
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : দীর্ঘদিন তেওঁৰ বেটৰ পৰা ৰান নাহিলেও অৱশেষত ছন্দ বিচাৰি পাইছে বিৰাট কোহলিয়ে৷ পার্থ টেষ্টৰ দ্বিতীয় ইনিংছত তেওঁৰ বেটৰ পৰা আহে এটি বৃহৎ ছিক্সাৰ৷ বাউণ্ডেৰীৰ ওচৰত বহি থকা এজন নিৰাপত্তাৰক্ষীৰ মূৰত পৰেগৈ বল৷ এই ঘটনাত যথেষ্ট উদ্বিগ্ণ হৈ পৰে ক্রিকেটাৰসকল৷ পার্থত তৃতীয় দিনা বেটিং কৰিবলৈ নমা বিৰাটে ১০১সংখ্যক অভাৰত মিচেল ষ্টার্কৰ বলত ছয় কোবায়৷ শ্বর্ট বলত একেবাৰে শেষ মুহূর্তত আপাৰ কাট মাৰে তেওঁ৷ বলে গৈ পোনপটীয়াকৈ নিৰাপত্তাৰক্ষীজনৰ মূৰত আঘাত কৰে৷ লগে লগে যন্ত্রণাত চিঞৰি উঠা নিৰাপত্তাৰক্ষীগৰাকী ষ্টেডিয়ামতে ঢলি পৰে৷ পৰিস্থিতিৰ গুৰুত্ব বুজি খেল বন্ধ কৰি দিয়া হয়৷ খেলপথাৰৰ পৰা নাথান লিয়নসহ কেইবাজনো অষ্ট্রেলিয়ান ক্রিকেটাৰ তেওঁৰ ওচৰলৈ দৌৰি যায়৷ অৱশ্যে লোকজন এতিয়া সুস্থ বুলি জানিব পৰা গৈছে৷