বিটিচি পৰিষদীয় নিৰ্বাচনলৈ কঁকালত টঙালি এআইইউডিএফৰ
নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ২০২৫ চনৰ বিটিছি পৰিষদীয় নিৰ্বাচনক লক্ষ্য কৰি অইন ৰাজনৈতিক দলসমুহৰ দৰে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলেও বিটিচি অঞ্চলত দলীয় ভেটি শক্তিশালী কৰিবলৈ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত কোকৰাঝাৰ জিলা সমিতিৰ অধিবেশন অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকি চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলামে কয় যে বিটিচি পৰিষদীয় অঞ্চলৰ কেইবাটাও সমষ্টিত এআইইউডিএফ দল জয় লাভ কৰাৰ লগতে ২০২৬ চনতো নতুনকৈ গঠন হোৱা পৰ্বতঝোৰা আৰু বাওখুংগ্ৰী বিধান সভা সমষ্টি দুটা এআইইউডিএফ দলে জয় লাভ কৰিব বুলি উল্লেখ কৰে। ফকিৰাগ্ৰামত অনুষ্ঠিত অধিবেশনতেই কংগ্ৰেছ দলহে বিজেপিৰ বি টীম বুলি কটাক্ষ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানৰ। কাৰন কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে এতিয়া বিজেপিত আছে এআইইউডিএফৰ লগত কোনো সম্পৰ্ক নাই। বি টীম কংগ্ৰেছ দলহে বুলিও মন্তব্য কৰে। ফকিৰাগ্ৰামত কোকৰাঝাৰ জিলা সমিতি এআইইউএফৰ অনুষ্ঠিত অধিবেশনত আনোৱাৰ হুচেইনক পুনৰ জিলা সভাপতিৰ দায়িত্ব প্ৰদান কৰে। কোকৰাঝাৰ জিলাৰ শ্বহীদ বেদীৰ সমীপত থকা সমুহীয়া ভৱনত আজি কোকৰাঝাৰ জিলা এআইইউডিএফ দলৰ অধিবেশনখন অনুষ্ঠিত কৰে। উক্ত অধিবেশনতে কোকৰাঝাৰ জিলা সমিতিখন ভংগ কৰি নতুনকৈ জিলা সমিতি গঠন কৰে। এই নতুন সমিতিৰ জৰিয়তেই ২০২৫ চনৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলটোৱে টঙালি বান্ধিছে।
প্ৰেৰক কৃষ্ণ বৰ্মন