বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনা : ছাত্ৰৰ কৰুণ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : বিলাসীপাৰা থানাৰ অন্তৰ্গত হাকামা অঞ্চলত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন স্কুলীয়া ছাত্ৰ মৃত্যুবৰণ কৰা ঘটনাই অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱানিশা শালকোচাৰ পৰা এজন ছাত্ৰই বিলাসীপাৰাৰ বেলতলী অভিমুখে আহি আছিল। নতুনকৈ ক্ৰয় কৰা এ এছ ১৭ কিউ ৪৮২০ নম্বৰৰ মটৰচাইকেলেৰে আহি থকা অৱস্থাত বিলাসীপাৰা থানাৰ অন্তৰ্গত হাকামা অঞ্চলত বিপৰীত দিশৰ পৰা গৈ থকা এ এছ ১৮ ছি ৩৩৮৭ নম্বৰৰ এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষৰ ফলত বাইক আৰোহী ছাত্ৰ জন গুৰুতৰভাবে আহত হয়। স্থানীয় ৰাইজে ছাত্ৰজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। চিকিৎসকে ছাত্ৰজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওৰ লোৱাৰ আছাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰিয়ালৰ লোকে ছাত্ৰজনক ক্ষীপ্ৰতাৰে বঙাইগাঁওলৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয়। ছাত্ৰজন উদমাৰী প্ৰথম খণ্ড (মঙ্গলেৰডাবৰী) গাঁৱৰ কৰণ চন্দ্ৰ নাথ (১৮) বুলি জানিব পৰা গৈছে। কৰণ চন্দ্ৰ নাথ বিলাসীপাৰাৰ স্কুল অফ বেচিক চাইঞ্চ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল। ছাত্ৰ জনৰ অকাল মৃত্যুত বিলাসীপাৰা জিলা নাথ-যোগী ছাত্ৰ সন্থা আৰু বিলাসীপাৰা জিলা যোগী সম্মিলনীৰ লগতে আন কেবাটাও দল-সংগঠনে শোক প্ৰকাশ কৰে। অসম চৰকাৰৰ আৰক্ষী জোৱানৰ পুত্ৰ কৰণ চন্দ্ৰ নাথৰ মৃত্যুত সমগ্ৰ উদমাৰী গাঁৱত এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা