নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰত সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

📌ভাৰতৰ সংবিধানে দেশৰ জনসাধাৰণৰ আশা–আকাংক্ষাক প্রতিফলিত কৰি আহিছেঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনৰ সন্মিলন কক্ষত অসম চৰকাৰৰ সংসদীয় পৰিক্রমা বিভাগৰ উদ্যোগত আয়োজিত ৭৫সংখ্যক সংবিধান দিৱস উদযাপন কার্যসূচীত অংশগ্রহণ কৰে৷ অনুষ্ঠানত  অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোত ভাৰতৰ সংবিধান সভাই খচৰা সংবিধানৰ চূডান্ত ৰূপটোক দেশৰ সংবিধান হিচাপে গ্রহণ কৰিছিল বুলি উল্লেখ কৰি কয় যে ২০১৫ চনৰ ১১ অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২৬ নৱেম্বৰৰ দিনটো প্রতি বছৰে সংবিধান দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰাৰ পিছত এই সন্দর্ভত প্রয়োজনীয় অধিসূচনা জাৰি কৰি এই দিৱসক আনুষ্ঠানিকতা প্রদান কৰে৷ মুখ্যমন্ত্রীয়ে আজি এই পৱিত্র দিনটোত মহান স্বাধীনতা সংগ্রামী আৰু আইনজ্ঞ ড০ বি আৰ আম্বেদকাৰ প্রমুখ্যে সংবিধান খচৰা সমিতিৰ প্রতিগৰাকী সন্মানীয় সদস্যৰ প্রতি গভীৰ শ্রদ্ধা নিবেদন কৰাৰ লগতে স্বাধীনতা যুঁজত যি সকল অক্লান্ত সেনানীৰ অসীম ত্যাগৰ বলত দেশবাসীয়ে স্বাধীনতা লাভ কৰিলে, তেওঁলোককো সশ্রদ্ধ প্রণাম জনায়৷ ভাৰতৰ সংবিধান প্রণয়নৰ ইতিহাসৰ কথা ভাষণত উল্লেখ কৰি  ড০ শর্মাই কয় যে ১৯৪৬ চনৰ পাঁচ দশকৰ পূর্বে অর্থাৎ ১৮৯৫ চনত ভাৰতত সংবিধান ৰচনাৰ প্রথম প্রয়াস চলিছিল৷ এই ক্ষেত্রত লোকমান্য বাল গঙ্গাধৰ তিলকৰ অনুপ্রেৰণাত সংসদীয় চৰকাৰৰ পোষকতা কৰি ভাৰতত এখন সংবিধান ৰচনাৰ বেচৰকাৰী প্রয়াস আৰম্ভ হৈছিল৷ হোম ৰুল বিল শীর্ষক খচৰাৰ প্রস্তাৱনাটোত লোকমান্য তিলকে প্রস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা বৃটিছ গভর্ণমেণ্টৰ অনুমোদনৰ বাবে প্রেৰণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সংবিধান আহন নামে পৰিচিত সেই খচৰাত ভাৰতীয় নাগৰিকেৰে গঠিত ভাৰতীয় সদনৰ প্রস্তাৱ কৰা হৈছিল আৰু সেই সদনত প্রতিগৰাকী ভাৰতীয়ৰ মত প্রকাশৰ স্বাধীনতাক স্বীকাৰ কৰা হৈছিল৷ তেওঁ লগতে কয় যে সকলোৰে বাবে আহনৰ সমানতাৰ পোষকতা কৰা হৈছিল আৰু কেন্দ্রীয় সংসদৰ উপৰি প্রাদেশিক বিধান মণ্ডল গঠনৰো প্রস্তাৱ সেই খচৰাত দাখিল কৰা হৈছিল৷ ১৯২৮ চনত বৃটেহনৰ কনজাৰভেটিভ পার্টিৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কার্যসূচীৰ পর্যালোচনা কৰিবলৈ চাহমন কমিচন গঠনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সেই সময়ত মতিলাল নেহৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধান ৰচনাৰ এখন সমিতি গঠন কৰা হয় আৰু ই আছিল ভাৰতীয় সংবিধান ৰচনাৰ প্রথমটো বৃহৎ পদক্ষেপ৷ এই সমিতিৰ প্রতিবেদনত ভাৰতক এখন স্বাধীন ৰাষ্ট্রৰ মর্যাদা প্রদানৰ পোষকতা কৰি প্রস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা দাখিল কৰা হয়৷ ১৯৩৫ চনত বৃটিছ সংসদে ১৯১৯ চনৰ আহনখন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আহন ১৯৩৫ প্রণয়ন কৰাৰ কথা ভাষণ প্রসংগত উল্লেখ কৰি তেওঁ কয় যে এই নতুন আইনৰ অধীনত ভাৰতত প্রথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্রতি দায়বদ্ধ এখন চৰকাৰৰ প্রস্তাৱ ৰখা হয় আৰু আইনখনত যুক্তৰাষ্ট্রীয় চৰকাৰ ব্যৱস্থা সন্নিবিষ্ট কৰা হয়৷ দেশীয় ৰাজ্যসমূহে একোখন চুক্তিৰ জৰিয়তে ভাৰত যুক্তৰাষ্ট্রত চামিল হোৱাৰ ব্যৱস্থা সম্বলিত এহ আহনখনেহ মূলতঃ আধুনিক ভাৰতীয় শাসন ব্যৱস্থাৰ প্রধান আধাৰ বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত অনুষ্ঠিত সংবিধান সভাৰ তৃতীয়খন বৈঠকত সংবিধান প্রণয়ন কৰাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল৷ তেওঁ লগতে কয় যে  বিভিন্ন কমিটীৰ প্রতিবেদন আৰু সংবিধান সভাত হোৱা আলোচনালানিৰ আধাৰত সংবিধান বিশেষজ্ঞ বি এন ৰাওয়ে ১৯৪৭ চনৰ অক্টোবৰৰ ভিতৰত সংবিধানৰ খচৰা প্রস্তুত কৰি খচৰা কমিটীত দাখিল কৰাৰ পাছত খচৰাটো পুংখানুপুংখভাৱে পুনৰীক্ষণ আৰু পর্যালোচনাৰ অন্তত ১৯৪৮ চনত ভাৰতৰ সংবিধানৰ খচৰাটোৱে নির্দিষ্ট ৰূপ লাভ কৰে৷ চৰকাৰৰ গাঁথনি, কেন্দ্র ৰাজ্যৰ সম্পর্ক আৰু নাগৰিকৰ অধিকাৰকে ধৰি সংবিধান নথিত থাকিবলগীয়া সকলো দিশ বিস্তাৰিতভাৱে খচৰাত সামৰি লোৱা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে  বহুতো আলোচনা আৰু যুক্তি তর্কৰ অন্তত, ১৯৪৯ চনৰ ২৬ নবেম্বৰৰ দিনটোত সংবিধান সভাই খচৰা সংবিধানৰ চূড়ান্ত ৰূপটোক ভাৰতৰ সংবিধান হিচাপে গ্রহণ কৰে৷  মুখ্যমন্ত্রীয়ে কয় যে ভাৰতৰ সংবিধানে দেশৰ জনসাধাৰণৰ আশা–আকাংক্ষাক প্রতিফলিত কৰি আহিছে আৰু বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্র ভাৰতবর্ষহ জনসাধাৰণৰ কল্যাণকে মুখ্য স্থান দিছে৷ সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণে যাতে স্বাধীনতা, সমতা আৰু ন্যায় পাব পাৰে তাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা অন্তর্ভূক্ত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে সংবিধানে যিদৰে নাগৰিকৰ বিভিন্ন সুবিধা আৰু সুৰক্ষা প্রদান কৰিছে, সেইদৰে সংবিধানৰ মূল দর্শন আৰু আদর্শ জীয়াহ ৰখাত প্রতিগৰাকী নাগৰিকৰো দায়িত্ব আৰু কর্তব্য আছে৷ মুখ্যমন্ত্রীয়ে কয় যে ভাৰতবর্ষৰ সংবিধানে বিভিন্ন ধৰণে বিশেষ বিশেষ মুহুর্তত প্রত্যাহ্বানৰো সন্মুখীন হবলগীয়া হৈছে৷ ১৯৭৫ চনত ভাৰতৰ সংবিধানৰ প্রমূল্যবোধক নাইকীয়া কৰি দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰাৰ পিছত দেশৰ সংবিধানৰ প্রতি বৃহৎ প্রত্যাহ্বান আহি পৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰতৰ ন্যায়পালিকাই সেই সময়ত সংবিধানৰ আধাৰত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰক জীয়াই ৰাখিবলৈ প্রচেষ্টা চলাইছিল৷ তেওঁ কয় যে সংবিধানৰ ধর্মনিৰপেক্ষ শব্দৰ ওপৰত আজিও বহু বিতর্ক হোৱা দেখা যায়৷ ভাৰতবর্ষৰ সংবিধানত ধর্মনিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰিবলৈ ১৯৪৮ চনত নৱেম্বৰত বিহাৰৰ অধ্যাপক কে টি শ্বাহে সংবিধান সভাত প্রস্তাৱ আগবঢাইছিল৷ সেই প্রস্তাৱৰ বিৰোধীতা কৰি ড০ বি আৰ আম্বেদকাৰে কৈছিল যে সংবিধানৰ প্রতিটো অনুচ্ছেদতে ধর্ম–নিৰপেক্ষ ৰাষ্ট্রৰ ধাৰণাটো প্রকট কৰি তোলা হৈছে৷ সেইবাবে প্রস্তাৱনাত ধর্ম–নিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰাৰ কোনো অর্থ নাই বুলি আম্বেদকাৰে অভিমত প্রকাশ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে৷ সমাজবাদী শব্দটোৰ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে ডঙ্ম বি আৰ আম্বেদকাৰে সমাজবাদী শব্দটো সংবিধানত অন্তর্ভূক্তিৰ বিৰোধীতা কৰি কৈছিল যে ভৱিষ্যতৰ দিনত ভাৰতবর্ষৰ জনসাধাৰণে কেনেধৰণৰ সমাজত বাস কৰিব সেয়া আজিয়ে ভৱিষ্যতৰ সমাজখনৰ ওপৰত জাপি দিয়াতো উচিত নহয়৷ ড০ আম্বেদকাৰে সংবিধানৰ প্রস্তাৱনাত ধর্মনিৰপেক্ষ আৰু সমাজবাদ এই দুয়োটা শব্দৰে সংলগ্নকৰণৰ বিৰোধীতা কৰিছিল বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ জৰুৰীকালীন অৱস্থাত সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে সার্বভৌম গণতান্ত্রিক প্রজাতন্ত্রৰ ঠাইত সর্বভৌম সমাজবাদী ধর্মনিৰপেক্ষ গণতান্ত্রিক প্রজাতন্ত্র কৰা হৈছিল আৰু ৰাষ্ট্রৰ ঐক্য শব্দযুগলৰ সংশোধনী ঘটাই ৰাষ্ট্রৰ ঐক্য আৰু সংহতি কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে সেয়া আছিল সংবিধানৰ প্রস্তাৱনাৰ প্রথম সংশোধন৷ তেওঁ লগতে কয় যে ইয়াৰ পিছত সংবিধানৰ প্রস্তাৱনাৰ কোনো সংশোধন হোৱা নাই৷ তেওঁ লগতে কয় যে ভাৰতবর্ষৰ সভ্যতালৈ দৃষ্টি দিলে এই কথা বোধগম্য হয় যে ভাৰতৰ সংবিধানখন হৈছে পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল ভেটিক সংবিধান সভাই গ্রহণ কৰিছিল৷ সংবিধান সংশোধন কৰাৰ সময়ত দেশ বিভাজন হৈছিল আৰু বিভাজনৰ সেই সময়ছোৱাত সাম্প্রদায়িক দৃষ্টিভংগীয়ো বিৰাজমান আছিল বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ভাৰতবর্ষ চিৰকালে এখন ধর্ম নিৰপেক্ষ দেশ হোৱাৰ বাবে সংবিধান সভাই ভাৰতীয় সভ্যতাৰ মূল ভেটিকে সংবিধানত প্রদর্শন কৰিছিল আৰু ন্যায়ৰ আধাৰত এখন সমাজ নির্মাণৰ পোষকতা কৰিছিল৷ ভাৰতবর্ষ এখন ব্যতিক্রমী দেশ বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ৯০ শতাংশ এটা ধর্মৰ লোক থকাৰ পিছতো সাহসেৰে ভাৰতৰ সংবিধানখনক ধর্ম নিৰপেক্ষ কৰা হৈছিল৷ ভাৰতবর্ষৰ সংবিধান সভাত ধর্মৰ আধাৰত সংবিধান নির্মাণ কৰাৰ সুযোগ থকাৰ পাছতো ভাৰতীয়সকলে সংবিধানক ধর্ম নিৰপেক্ষ হিচাপে নির্মাণ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ লগতে কয় যে ভাৰতৰ সংবিধান পশ্চিমীয়া  ধাৰণা নহয়, ই পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সাৰ৷ তেওঁ লগতে কয় যে পাঁচ হাজাৰ বছৰৰ পৰা ভাৰতে বিশ্ব শান্তিৰ পোষকতা কৰিছিল আৰু সকলো ব্যক্তিৰ সুখ–শান্তিৰ কামনা কৰিছিল৷ সংবিধান সভাই কৈছিল যে ভাৰতবর্ষৰ সভ্যতাই ধর্ম নিৰপেক্ষ আৰু ধর্ম নিৰপেক্ষ বুলি প্রমাণ কৰাৰ প্রয়োজন নাই৷ ভাৰতৰ সংবিধান সভাত ড০ বি আৰ আম্বেদকাৰে দিয়া অন্তিম ভাষণটোৰ কথা উল্লেখ কৰি তেওঁ কয় যে  সেই ভাষণ শুনিলে সংবিধানৰ সাৰমর্ম হৃদয়ংগম কৰিব পৰা যায়৷ সংবিধান দিৱসৰ পবিত্র দিনটোত মুখ্যমন্ত্রীয়ে সকলোকে সংবিধানৰ প্রমূল্যবোধ আৰু দর্শন অধিক সমৃদ্ধ কৰাৰ বাবে নিষ্ঠা আৰু দায়বদ্ধতাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত সংসদীয় পৰিক্রমা আদি বিভাগৰ মন্ত্রী পীযুষ হাজৰীকায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী যোগেন মহন, শ্রম আদি বিভাগৰ মন্ত্রী সঞ্জয় কিষানৰ উপৰি অতিৰিক্ত মুখ্য সচিব বি আৰ ছামাল প্রমূখ্যে অসম চৰকাৰৰ শীর্ষ বিষয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷
You might also like