নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ নিলামত কোটিপতি হৈয়েই বিপদত বৈভৱ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ নৱেম্বৰঃ আইপিএল ২০২৫ৰ মেগা নিলামত ক্রয় কৰা সকলোতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত বিহাৰৰ এগৰাকী খেলুৱৈ৷ বয়সৰ দিশেৰে খেলুৱৈগৰাকীয়ে আইপিএলৰ নিলামৰ ইতিহাসত লিপিবদ্ধ কৰিছে নিজৰ নাম৷ ছৌদি আৰবৰ জেদ্দাত অনুষ্ঠিত নিলামত খেলুৱৈগৰাকীক ১ কোটি ১০ লাখ টকাত ক্রয় কৰে ৰাজস্থান ৰয়েলছে৷ যাৰ বাবে এটা সন্ধিয়াৰ ভিতৰতে কোটিপতিত পৰিণত হয় বিহাৰৰ বৈভৱ সূর্যবংশী নামৰ খেলুৱৈগৰাকী৷ আইপিএলৰ অভিলেখ ভংগকাৰী নিলামৰ পিছৰে পৰা বৈভৱ সূর্যবংশীৰ বয়স সন্দর্ভত আৰম্ভ হয় বিতর্ক৷ খেলুৱৈগৰাকীয়ে বয়সৰ ফাকি দিয়াৰ ঘটনা ক্রমাৎ পোহৰলৈ আহিবলৈ আৰম্ভ কৰে৷ খেলুৱৈগৰাকীৰ প্রকৃত বয়স লুকুৱাই ৰখা বুলি বিতর্ক আৰম্ভ হোৱাৰ পিছতে পিতৃয়েও প্রকাশ কৰিছিল প্রতিক্রিয়া৷ বৈভৱৰ পিতৃ সঞ্জীৱ সূর্যবংশীয়ে এক স্পষ্টীকৰণ দি কয় যে প্রয়োজন হ’লে তেওঁ পুত্রৰ বোন টেষ্ট কৰিবলৈ সাজু৷ এই সন্দর্ভত সঞ্জীৱ সূর্যবংশীয়ে সংবাদ প্রতিষ্ঠানক দিয়া ভাষ্য আছিল এনেধৰণৰ– যেতিয়া বৈভৱৰ বয়স আঠ বছৰ আছিল, তেতিয়া তেওঁ প্রথমবাৰৰ বাবে বোন টেষ্ট কৰা হৈছিল৷ তেওঁ ইতিমধ্যে ভাৰতৰ অনূর্ধ্ব–১৯ দলৰ হৈ খেলিছে৷ আমি কাকো ভয় নকৰোঁ৷ তেওঁৰ পুনৰ বয়স পৰীক্ষা কৰিব পাৰোঁ৷ ৩০ লাখ টকাৰ আধাৰ মূল্যৰ সৈতে বিহাৰৰ সমষ্টিপুৰৰ বাসিন্দা বৈভৱে শেহতীয়াকৈ ১৯ বছৰ অনুর্ধ্বৰ টেষ্টত দ্রুততম শতক অর্জন কৰিছে৷ চলিত বছৰৰ অক্টোবৰত চেন্নাইত অষ্ট্রেলিয়াৰ বিৰুদ্ধে এই কৃতিত্ব অর্জন কৰে খেলুৱৈগৰাকীয়ে৷ ১৩ বছৰীয়া বৈভৱ ভাৰতৰ ১৯ বছৰ অনুর্ধ্ব দলৰ হৈ মাত্র ৫৮টা বলত অর্ধশতক সম্পূর্ণ কৰে৷ এই বছৰৰ আৰম্ভণিতে সূর্যবংশীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল৷ তেওঁ মাত্র ১২ বছৰ বয়সত বিহাৰৰ হৈ ৰঞ্জি ট্ৰফীত আত্মপ্রকাশ কৰিছিল আৰু ভাৰতৰ প্রিমিয়াৰ লীগৰ প্রথম শ্রেণীৰ প্রতিযোগিতাৰ সর্বকনিষ্ঠ খেলুৱৈত পৰিণত হৈছিল৷ বর্তমান আইপিএলৰ নিলামত ঐতিহাসিক চুক্তিৰ পিছত যুৱ খেলুৱৈজনক পৰৱর্তী ছিজনত ৰাজস্থান ৰয়েলছত দেখা যাব৷

You might also like