নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপাল ৰত্ন বঁটা গ্ৰহণ বজালীৰ মহিলা গো-পালক জুনা তামুলী বৰ্মনৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ ∶ বজালীৰ মহিলা আদৰ্শ দুগ্ধ উৎপাদক জুনা তামুলী বৰ্মনে কালি নতুন দিল্লীত উত্তৰ-পূব ৰাজ্যৰ বিশেষ শাখাত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ এক সন্মানীয় অনুষ্ঠানত গোপাল ৰত্ন বঁটা লাভ কৰি পুনৰবাৰ উত্তৰ-পূব আৰু ৰাজ্যৰ লগতে বজালী জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ উপলক্ষে থলুৱা গৰু-ম’হৰ জাতৰ শাখা পালন কৰা শ্ৰেষ্ঠ দুগ্ধ পালক হিচাপে তেওঁ এই বঁটা লাভ কৰে। এই শিতানত মাৰিগাঁও জমুনা মালি নামৰ আন এগৰাকী মহিলাইও বঁটা লাভ কৰে৷ থলুৱা পশু পালন কৃষক, এ আই টেকনিচিয়ান আৰু দুগ্ধ সমবায় সমিতি, গাখীৰ উৎপাদক কোম্পানী, দুগ্ধ পালক উৎপাদক সংস্থা, পশুপালন আৰু দুগ্ধ উৎপাদন খণ্ডত কাম কৰা সকলো ব্যক্তিক স্বীকৃতি আৰু উৎসাহিত কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা প্ৰদান কৰা হয়। এই বঁটা তিনিটা শাখাত প্ৰদান কৰা হয়, তথা- শ্ৰেষ্ঠ দুগ্ধ পালক পালন থলুৱা গৰু-ম’হৰ জাত, শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন কাৰিকৰী (এ আই টি) আৰু শ্ৰেষ্ঠ দুগ্ধ সমবায়, গাখীৰ উৎপাদক কোম্পানী, দুগ্ধ পালক-উৎপাদক সংস্থা। শ্ৰেষ্ঠ দুগ্ধ সমবায় সমিতি, গাখীৰ উৎপাদক কোম্পানী, দুগ্ধ খেতিয়ক উৎপাদক সংস্থা উত্তৰ পূৰ্বাঞ্চল ৰ বাবে দুগ্ধ উৎপাদক সংস্থাৰ শিতানত বিশেষ বঁটা বজালীৰ নিত্যানন্দৰ কামধেনু দুগ্ধ উৎপদক সমবায় সমিতি লিমিটেডক প্ৰদান কৰা হয়৷ সংস্থটোৰ তৰফৰ পৰা ভাৰত কলিতাই বঁটা প্ৰদান অনুষ্ঠানত প্ৰতিনিধিত্ব কৰে আৰু বটা গ্ৰহণ কৰে৷ পশুপালন আৰু দুগ্ধ বিভাগে এই বঁটা প্ৰতিবছৰে ঘোষণা কৰে। বজালী জিলাৰ শ্বেত বিপ্লৱত ভাৰত কলিতাৰ অৱদান অপৰিসীম। কেন্দ্ৰীয় মন্ত্ৰী ৰাজিৱ ৰঞ্জন সিঙে আজি এই বটা প্ৰদান কৰি ৫ লাখ টকাৰ চেক- আৰু মানপত্ৰ জুনা তামুলী বৰ্মনৰ লগতে আনটো শিতানৰ বটা প্ৰাপক ভাৰত কলিতাক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰে৷ ভাৰত কলিতাৰ নেতৃত্বত বজালীৰ নিত্যানন্দ অঞ্চলত এই শ্বেত বিপ্লৱে বিশেষ মাাত্ৰা লাভ কৰে৷ জুনা তামুলী বৰ্মনৰ ঘৰ বজালী জিলাৰ ভোজকুচিয়াপাৰা গাঁৱত। তেওঁ কেইবছৰমান আগতে মাত্ৰ এটা গৰুৰে যাত্ৰা আৰম্ভ কৰিছিল। ইতিমধ্যে তেওঁৰ উৎকৃষ্ট কামৰ বাবে বিভিন্ন স্তৰত বিভিন্ন বঁটা লাভ কৰিছে। আদৰ্শ মহিলা গৰাকীয়ে বৰ্তমান কমেও ২০টা গৰু যত্ন লয় আৰু গৰুক খুৱাই ধুৱাই গোহালিটো পৰিপাটি আৰু পৰিষ্কাৰ কৰি দিনে ৰাতিয়ে শ্ৰম কৰে৷। দৰিদ্ৰ পৰিয়ালটোৱে ২০০৪ চনত দুগ্ধ খণ্ডত একক গৰুৰে যাত্ৰা আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁলোকে ভাল আৰ্থিক অৱস্থাৰে জীৱনশৈলী উন্নীত কৰিছে। ‘স্বৰ্ণধেনু’ আঁচনিৰ অধীনত সংকৰ জাতৰ বাবে কৃত্ৰিম প্ৰজনন (আই এ)ৰ পিছত বিশেষকৈ জুনাৰ কঠোৰ পৰিশ্ৰম, পৰম যত্নৰ বাবে গৰুৰ সংখ্যা বৃদ্ধি পাইছিল। তামুলী বৰ্মনৰ লগতে তেওঁৰ স্বামী প্ৰণৱ বৰ্মনেও এই যাত্ৰাত সহায় কৰে৷ বজালীৰ পশু চিকিৎসা বিষয়া ডাঃ হিতেশ পাঠকে তেওঁক অভিনন্দন জনায় কাৰণ তেওঁক তেওঁৰ যাত্ৰাত সহায় আগবঢ়াইছিল আৰু সফল বৰ্ণ সংকৰ প্ৰজননৰ আঁৰৰ মানুহ আছিল।, জুনা তামুলী বৰ্মনে, এগৰাকী মহিলাই হৈও গাঁৱত দুগ্ধ পালনৰ সৈতে আচৰিত ধৰনে কাম কৰে আৰু প্ৰমাণ কৰি দিছে যে কঠোৰ পৰিশ্ৰমে সদায় ফলপ্ৰসূ ফল দিয়ে৷ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুয়োকে এই কৃতিত্বৰ বাবে অভিনন্দন জনায়। বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে এই খবৰত সুখ প্ৰকাশ কৰি কয় যে সমগ্ৰ বজালীতে আৰম্ভ হোৱা শ্বেত বিপ্লৱত তেওঁলোক আনৰ বাবে আদৰ্শ আছিল যিয়ে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে নিবনুৱা সমস্যা সমাধান কৰাত এক উল্লেখনীয় ভূমিকা পালন কৰিছে৷

প্ৰেৰক উৎপল মেধি

You might also like