নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতী ৰাধিকা উৎসৱত বন্ধ ঘোষণা কেবিনেটৰ, আদৰণি অনুসূচিত জাতি পৰিষদৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : অসমীয়া নাৰীৰ নিষ্ঠা, সততা, ধৈৰ্য, শান্তি আৰু সাহসৰ অনন্য চানেকি তথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্বীকৃত মহাসতী আই সতী ৰাধিকাৰ স্মৃতি দিৱসটোত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে বন্ধ ঘোষণা কৰাত আদৰণি জনাইছে অসম অনুসূচিত জাতি পৰিষদে। পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাই এক বিবৃতিৰ জৰিয়তে কয় যে স্বাধীনতাৰ সাতটা দশকৰ পাছত অসম চৰকাৰৰ এই যুগান্তকাৰী সিদ্ধান্ত অনুসূচিত জাতিৰ ৰাইজ তথা অসমীয়া সমাজখনৰ বাবেই এক ডাঙৰ উপহাৰ। কিয়নো গুৰুজনাই জাতি-বৰ্ণ নিৰ্বিশেষে এক বৃহৎ অসমীয়া সমাজ গঢ়াৰ এক জীৱন্ত চৰিত্ৰ আছিল সতী ৰাধিকা। যাৰ সতীত্বৰ মহিমাৰে টেম্বুৱানী জান বান্ধি মহাবাহু ব্ৰহ্মপুত্ৰৰ বানৰ পৰা বৰদোৱা অঞ্চলৰ ৰাইজ আৰু ভকত সকলক বচাইছিল। তেনে এক মহিয়সী নাৰীক চৰকাৰী স্বীকৃতি প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম অনুসূচিত জাতি পৰিষদৰ সভাপতি তথা দেৰগাঁ‌ৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভড়ালী আৰু সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাই। এই ক্ষেত্ৰত মূখ্য ভূমিকা পালন কৰা বিভাগীয় মন্ত্ৰী তথা দক্ষ আৰু সাহসী মন্ত্ৰী পিয়ুষ হাজৰিকাও শলাগৰ পাত্ৰ। একে সময়তে নতুন প্ৰজন্মৰ মাজত সতী ৰাধিকাক শুদ্ধ ৰূপত ডাঙি ধৰিবলৈ ৰাধিকা উৎসৱভাগী চৰকাৰীভাৱে উদযাপন কৰি সেই দিনটোটেই চৰকাৰী বঁ‌টা প্ৰদান অনুষ্ঠানটো আয়োজন কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী পিয়ুষ হাজৰিকাক আহ্বান জনাইছে পৰিষদৰ নেতৃত্বই। লগতে প্ৰতি বছৰে প্ৰদান কৰা “সতী ৰাধিকা” বঁ‌টাৰ বাবে বাচনি সমিতিত অনুসূচিত জাতি পৰিষদ আৰু জাতিৰ বিশিষ্ট লোকক অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে পৰিষদৰ বিষয়ববীয়াই।

প্ৰেৰক অজয় শইকীয়া

You might also like