উত্তৰ-পূর্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্রীয় পর্যটন মার্টত অংশগ্রহণ মুখ্যমন্ত্রীৰ
📌 উত্তৰ পূবক এক অনন্য পর্যটন চার্কিট হিচাপে প্রসাৰ সাধনৰ বাবে নতুন দিল্লী আৰু গুৱাহাটীত পর্যটন সংগ্রহালয় স্থাপন কৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান
📌 উত্তৰ–পূর্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্রীয় পর্যটন মার্টে ৰাজ্যখনৰ ঐতিহ্য, সংসৃক্তি, লোককৃষ্টি আদিৰ দিশত এক অনন্য মঞ্চ প্রদান কৰিছে : মুখ্যমন্ত্রী
📌 বিশ্ব ঐতিহ্য ক্ষেত্রৰ তালিকাত মাজুলীক অন্তর্ভুক্ত কৰাৰ বাবে কেন্দ্রীয় পর্যটন আৰু সাংসৃক্তিক দপ্তৰৰ মন্ত্রীগৰাকীক মুখ্যমন্ত্রীৰ আহ্বান
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ নৱেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ কলা, সংস্কৃতি আৰু হস্তশিল্পৰ ঐতিহ্যক অধিক মহীয়ান কৰাৰ লগতে পর্যটন খণ্ডৰ বিকাশৰ উদ্দেশ্যে আজি কাজিৰঙাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ উপস্থিতিত পর্যটন আৰু সাংস্কৃতিক দপ্তৰৰ কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শ্বেখাৱতে উত্তৰ–পূর্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্রীয় পর্যটন মার্ট শুভ উদ্বোধন কৰে৷ তৃতীয়বাৰৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ আন্তঃৰাষ্ট্রীয় পর্যটন মার্ট অসমত আয়োজন কৰাটো এক সন্মানৰ বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই পর্যটন উৎসৱে ইউনেস্কোৰ বিশ্ব পর্যটন ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ গৌৰৱ অধিক বৃদ্ধি কৰিব৷ তেওঁ লগতে কয় যে উত্তৰ–পূর্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্রীয় পর্যটন মার্টে ৰাজ্যখনৰ ঐতিহ্য, সংসৃক্তি, লোককৃষ্টি আদিৰ দিশত এক অনন্য মঞ্চ প্রদান কৰিছে৷ ইয়াৰ জৰিয়তে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিনিধিসকলে অসমৰ গৌৰৱময় ইতিহাস, ঐতিহ্য, লোককৃষ্টি সম্পর্কে জনাৰ সুযোগ লাভ কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কাজিৰঙাত নিশা কটোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে ৰাষ্ট্রীয় উদ্যানখনত গঁড়, অনন্য জৈৱ বৈচিত্র্য প্রত্যক্ষ কৰিছিল৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ৰাষ্ট্রপতি দ্রৌপদী মূর্মু, প্রাক্তন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ, ভূটানৰ ৰজায়ো কাজিৰঙাত এনিশা কটাই ইয়াৰ নৈসর্গিক স্বৰূপ দর্শন কৰিছিল৷ পূর্বে কাজিৰঙা আৰু মানাহ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি লাভ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে চলিত বর্ষত প্রধানমন্ত্রীৰ প্রয়াস আৰু কেন্দ্রীয় পর্যটন মন্ত্রীৰ উদ্যোগৰ ফলত চৰাইদেউ বিশ্ব পর্যটন ক্ষেত্র হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ লগতে কয় যে চৰাইদেউ ৬০০বছৰীয়া আহোম ৰাজত্বৰ এক গৌৰৱময় ঐতিহ্য৷ সেই সময়ত অসমে বিভিন্ন ক্ষেত্রত উন্নয়নৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছিল৷ এয়া অসমবাসীৰ বাবে এক বৃহৎ সফলতা বুলিও তেওঁ কয়৷ উত্তৰ–পূর্বাঞ্চল সৌন্দর্য, সংসৃক্তি, ঐতিহ্যৰে সমৃদ্ধ বুলি মন্তব্য কৰি তেওঁ কয় যে এই মার্টে অঞ্চলটোলৈ পর্যটকৰ আকর্ষণ অধিক বৃদ্ধি কৰিব৷ উত্তৰ–পূর্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্রীয় পর্যটন মার্টৰ এই সংস্ক্ৰণে উত্তৰ–পূব অঞ্চলৰ অপৰিসীম পর্যটন সম্ভাৱনাক ঘৰুৱা আৰু বিদেশী উভয় পর্যটকৰ সন্মুখত প্রদর্শনৰ জৰিয়তে এক ইতিবাচক প্রভাৱ পেলাব৷ মুখ্যমন্ত্রীয়ে সমগ্র অঞ্চলটোৰ পর্যটন উদ্যোগ আৰু উদ্যোগীসকলক পর্যটন খণ্ডৰ বিকাশৰ দিশত জডিত হোৱাৰ লগতে এই ক্ষেত্রত জডিত বিভিন্ন খণ্ডৰ অশীংদাৰীসকলৰ সৈতে সহযোগিতা গিি তুলিবলৈও আহ্বান জনায়৷ এইবাৰৰ মার্টে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ছাত্র–ছাত্রী আৰু বিশ্বৰ পর্যটনৰ খণ্ড সমূহক অঞ্চলটোৰ প্রাকৃতিক সৌন্দর্য আৰু সাংস্কৃতিক সমৃদ্ধি অন্বেষণ কৰাৰো সুযোগ প্রদান কৰিব৷ মুখ্যমন্ত্রীয়ে বহনক্ষম পর্যটনৰ দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে এই মার্টে উত্তৰ–পূর্বাঞ্চলৰ পর্যটনৰ বিশাল সম্ভাৱনাক অধিক উজ্জ্বল কৰি তুলিব আৰু এটা উদ্যোগ হিচাপে নহয় সাংসৃক্তিক বিনিময়, পৰিৱেশ সংৰক্ষণ আৰু অর্থনৈতিক উন্নয়নৰ এক পৰিবর্তনশীল শক্তি হিচাপেও উন্মেষ সাধনত সহায়ক হৈ উঠিব৷ পর্যটন উদ্যোগে বিশ্বব্যাপী অর্থনৈতিক উন্নয়নত এক শক্তিশালী ইঞ্জিন হিচাপে আত্ম প্রকাশ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বিশেষকৈ উন্নয়নশীল অর্থনীতিসমূহত পর্যটনে মুঠ ঘৰুৱা উৎপাদনত যথেষ্ট অৰিহণা যোগাই আহিছে৷ সীমিত ঔদ্যোগীক উন্নয়নেৰে সামৰা অঞ্চলসমূহত নিয়োগৰ এক গুৰুত্বপূর্ণ উৎস হিচাপেও কাম কৰে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে সাংস্কৃতিক আৰু প্রাকৃতিক ঐতিহ্য এই দুয়োটা সংৰক্ষণৰ ক্ষেত্রত পর্যটনৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে চাহ বাগিচা, ব্রহ্মপুত্রৰ অপৰূপ সৌন্দর্য, বিভিন্ন উৎসৱ আৰু চহকী ঐতিহাসিক সমলসমূহে দুঃসাহসিক, প্রকৃতিপ্রেমী আৰু সাংসৃক্তিক প্রেমীসকলৰ বাবে অসমক পর্যটনৰ এক গন্তব্য স্থান হিচাপে গঢ়ি তুলিছে৷ শক্তিপীঠ কামাখ্যা, আধ্যাত্মিক কেন্দ্র আৰু সাংসৃক্তিক তীর্থস্থান হোৱাৰ লগতে ব্রহ্মপুত্রৰ মাজত থকা উমানন্দই ভক্তি আৰু নৈসর্গিক দৃশ্যপটৰ সৌন্দর্য উপভোগ কৰাৰ সুযোগ প্রদান কৰে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে হিন্দু, বৌদ্ধ আৰু মুছলমান পৰম্পৰাৰ এক অনন্য সংগমস্থল হাজো অসমৰ ধর্ম, সম্প্রীতিৰ উদাহৰণ বুলিও মন্তব্য কৰে৷ তেওঁ লগতে শুৱালকুছিৰ ৰেচম শিল্প, মাজুলীৰ আধ্যাত্মিক আৰু সাংসৃক্তিক স্বৰূপ, আহোম ৰজাৰ ঐতিহাসিক ৰাজধানী শিৱসাগৰকে ধৰি বিভিন্ন পর্যটন ক্ষেত্রসমূহৰ লগতে অম্বুবাসী মেলা, মাজুলীৰ ৰাস মহোৎসৱ, বৰপেটাৰ দৌল উৎসৱৰ দৰে উৎসৱসমূহে অসমৰ সাংস্কৃতিক ক্ষেত্রখনক সমুজ্জ্বল কৰি আহিছে বুলিও কয়৷ মুখ্যমন্ত্রীয়ে কয় যে যোৱা বছৰ ৰাজ্যখনলৈ দহ লাখ পর্যটকৰ আগমণ ঘটে৷ প্রধানমন্ত্রীৰ ভ্রমণৰ পিছত সামাজিক মাধ্যমযোগে কাজিৰঙাৰ প্রতিচ্ছৱি তুলি ধৰাৰ বাবে পর্যটকৰ আকর্ষণ অধিক বৃদ্ধি হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে কাজিৰঙাত চোৰাং চিকাৰীৰ দ্বাৰা গঁড হত্যা ৰোধ কৰাটো ৰাজ্য চৰকাৰৰ এক বৃহৎ সফলতা৷ ৰাজ্য চৰকাৰে ভৱিষ্যতৰ প্রজন্মৰ বাবে কাজিৰঙা আৰু মানাহত জৈৱ বৈচিত্র্য সুৰক্ষিত কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাষ্ট্রীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰাটোৰ ক্ষেত্রত বৃহৎ প্রত্যাহ্বান থকা স্বত্বেও অসমত স্থানীয় লোকৰ সহযোগত ৰাষ্ট্রীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰিবলৈও সক্ষম হৈছে বুলি তেওঁ কয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে বিশ্ব ঐতিহ্য ক্ষেত্রৰ তালিকাত মাজুলীক অন্তর্ভুক্ত কৰাৰ বাবে কেন্দ্রীয় পর্যটন আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্রীগৰাকীক অনুৰোধ জনায়৷ তেওঁ লগতে উত্তৰ–পূবক এক অনন্য পর্যটন চার্কিট হিচাপে প্রসাৰ সাধনৰ বাবে নতুন দিল্লী আৰু গুৱাহাটীত পর্যটন সংগ্রহালয় স্থাপন কৰিবলৈ কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শ্বেখাৱতক আহ্বান জনায়৷ তেওঁ কয় যে এনে দৃষ্টিভংগীৰে ৰাজ্য চৰকাৰে এক পৰিকল্পনা গ্রহণ কৰিছে আৰু কেন্দ্রীয় চৰকাৰৰ সৈতে এই পৰিকল্পনা ৰূপায়ণৰ দিশত আলোচনা কৰি ইয়াক বাস্তবায়িত কৰিব৷ তেওঁ উল্লেখ কৰে যে সংগ্রহালয়তো নির্মাণ হৈ উঠিলে ঘৰুৱা আৰু বিদেশী উভয় পর্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব৷ মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা, শিৱসাগৰৰ ৰংঘৰৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ দিশত সহায় কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ পর্যটন মন্ত্রী, ৰাজ্যৰ কেবিনেট মন্ত্রী, সাংসদ, উদ্যোগীসকল আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷