নুমলীগড়ৰ দেওপাহাৰ প্রত্নতাত্ত্বিক স্থান পৰিদর্শন মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত দেওপাহাৰ প্রত্নতাত্ত্বিক স্থান পৰিদর্শন কৰে৷ উল্লেখ্য যে এই স্থানৰ শিলৰ মন্দিৰৰ অৱশিষ্টসমূহক খ্রীষ্টিয় দশম শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰৰ বুলি অনুমান কৰা হৈছে৷ ইয়াৰ শিলত খোদিত পৌৰাণিক শিল্প ভাস্কৰ্য, মন্দিৰৰ ধবংসাৱশেষসমূহে অঞ্চলটোৰ প্রাচীন স্থাপত্য কলাৰ শক্তিশালী ঐতিহ্যৰ স্বৰূপ তুলি ধৰাৰ লগতে উন্নত ভাস্কৰ্যৰ শিল্প আৰু আধ্যাত্মিকতাৰ দিশটোকো প্রতিফলিত কৰে৷ তদুপৰি সেউজ পাহাৰ আৰু অৰণ্যৰ মাজত অৱস্থিত দেওপাহৰৰ চৌদিশৰ প্রাকৃতিক সৌন্দর্য্যই পর্যটকক আকর্ষিত কৰি আহিছে৷ মুখ্যমন্ত্রীয়ে কয় যে আধ্যাত্মিক আৰু কলাত্মক দিশটোক শক্তিশালীভাৱে তুলি ধৰা এই স্থানৰ উপযুক্ত সংৰক্ষণ আৰু সংবর্দ্ধনৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত বিতং প্রকল্প প্রতিবেদন প্রস্তুত কৰিবলৈ গোলাঘাট জিলা আয়ুক্তক নির্দেশ দিয়ে৷ পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীৰ সৈতে কৃষি আদি বিভাগৰ মন্ত্রী অতুল বৰা, পর্যটন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাংসদ কামাখ্যা প্রসাদ তাছা, জিলা আয়ুক্ত প্রমুখ্যে ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷