মন্দিৰাত মাজনিশা সন্তানসহ মহিলা নিৰুদ্দেশ
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : এইবাৰ কণমানি কন্যাসহ ঘৰৰ পৰাই নিশা নিৰুদ্দেশ হয় এগৰাকী বোৱাৰী। মহিলাগৰাকী ৰহস্যজনকভাবে সন্ধানহীন হোৱাত অঞ্চলজুৰি চাঞ্চল্য বিয়পে। চালেমা খাটুন (২১) নামৰ মহিলাগৰাকী প্ৰায় তিনি বছৰ পূৰ্বে মন্দিৰা এন.চি গাঁৱৰ মালেক আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। জানিব পৰা মতে, সোমবাৰৰ নিশা স্বামী মালেক আলী গৈছিল ৰাস চাবলৈ, পিছে ৰাস চাই ঘৰলৈ গৈহে ঘৰত শিশু সন্তানসহ পত্নীক ঘৰত নেদেখি স্তম্ভিত হৈ পৰে মালেক আলী। হাহাকাৰ লাগে পৰিয়ালটোত, বহু বিচাৰ খোঁচাৰ কৰা হয় যদিও আজিলৈকে কোনো শুংসূত্ৰ পাবলৈ সক্ষম নহ’ল সন্তানসহ চালেমাৰ।অৱশেষত পত্নী আৰু সন্তানক বিচাৰি নিৰুপায় স্বামী পৰিয়াল কাষ চাপে মন্দিৰা আৰক্ষীৰ, আৰু এক এজাহাৰ দাখিল কৰে। পত্নী-সন্তানক বিচাৰি নাপাই এতিয়া দুখত ভাগি পৰিছে মালেক। মাজনিশা ক’লৈ গ’ল চালেমা? ঘটনাটোক কেন্দ্ৰ কৰি বিয়পিছে কৌতূহল।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস