নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আচৰিত… চোৰে নিলে তিনিখনকৈ ৰোড ৰোলাৰ

🔹 গুৱাহাটীত চোৰৰ কাণ্ডত হতবাক স্বয়ং আৰক্ষী

🔹 ৬ গভাইত চোৰে ক্রেনৰ জৰিয়তে নিলে গধুৰ বাহন তিনিখন

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰ : মহানগৰীত সংঘটিত এটা চাঞ্চল্যকৰ চুৰিকাণ্ডই আৰক্ষীৰ লগতে সচেতন ৰাইজৰো চকু কপালত তুলিছে৷ ৰাজপথৰ পৰাই চুৰি হৈছে দৈত্যকায় তিনিখন ৰোড ৰোলাৰ৷ ৰোলাৰ তিনিখন চুৰি কৰি ৬জন গভাইত চোৰে বিক্রী কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা এই বৃহৎ চোৰৰ গেংটোৱে সংঘটিত কৰা চুৰিকার্যই আৰক্ষীকো স্তম্ভিত কৰি তুলিছে৷ উল্লেখ্য যে যোৱা ২১ নৱেম্বৰত মহানগৰীৰ বি বৰুৱা কর্কট প্রতিষ্ঠানৰ সন্মুখৰ পৰা এখন ৰোড ৰোলাৰ চুৰি হৈছিল৷ এই ঘটনাৰ তদন্ত আৰম্ভ কৰি ফটাশিল আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ছজনীয়া চোৰৰ এটা বৃহৎ দলক৷ কালি মহানগৰ আৰক্ষী আয়ুক্তই সমগ্র ঘটনা সন্দর্ভত বিস্তৃত বিৱৰণ দাঙি ধৰি উল্লেখ কৰা অনুসৰি গ্রেপ্তাৰ হোৱা এই চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন তিনিজন লোককো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ তথ্য অনুসৰি চোৰৰ এই দলটোৱে ইয়াৰ পূর্বে ভূতনাথৰ সমীপত থকা এখন ৰোড ৰোলাৰ আৰু পল্টনবজাৰত থকা আন এখন ৰোড ৰোলাৰ চুৰি কৰিবলৈ সক্ষম হৈছিল৷ কাহিলিপুৱাতে এই চোৰৰ দলটোৱে হাইড্রা ব্যৱহাৰ কৰি ৰোড ৰোলাৰসমূহ ১০চকীয়া ট্রাকত উঠাই বর্ণিহাটলৈ লৈ যায়৷ বর্ণিহাটত থকা সত্যম মেগা ডাম্পিঙত এই ৰোলাৰবোৰ চোৰৰ দলটোৱে বিক্রী কৰে৷ প্রতিখন ৰোলাৰৰ বাবদ চোৰৰ দলটোৱে লাভ কৰে ১.৭০ লাখ টকা৷ সত্যম মেগা ডাম্পিঙত ৰোলাৰবোৰ কটা হয় আৰু পিছত লোহাৰ ব্লক বনাই অন্য এটা প্রতিষ্ঠানক বিক্রী কৰে৷ যি ব্লকৰ দ্বাৰা টিএমটি বাৰ প্রস্তুত কৰা হয়৷ লক্ষণীয়ভাৱে সত্যম মেগা ডাম্পিঙতে ৰোলাৰবোৰ লোকনির্মাণ বিভাগৰ নিলামত ক্রয় কৰা দেখুওৱা ভুৱা নথি-পত্রও প্রস্তুত কৰা হয়৷ এই নথি-পত্রৰ কপী চোৰৰ দলটোৰ হাতত তুলি দিয়ে ডাম্পিঙৰ স্বত্বাধিকাৰীয়ে৷ আৰক্ষীয়ে ইতিমধ্যে ৰোলাৰ লৈ যোৱা ট্রাকৰ মালিক পিয়াৰী যাদৱ, চালক মহম্মদ জাব্বৰ আলী আৰু ডেম্পৰ মেনেজাৰ দেৱকীনন্দন ডোগামাক গ্রেপ্তাৰ কৰিছে৷ পৰহি আৰক্ষীয়ে অভিযান চলাই চুৰিকার্যত প্রত্যক্ষভাৱে জড়িত থকা আনছাৰ আলী, প্রবীণ ডেকা, চামচুল আলী, জিতু বৰুৱা, চতু কুমাৰ, ভগৱান তালুকদাৰক গ্রেপ্তাৰ কৰি ফটাশিল থানাত ২৭৪/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও এই চোৰৰ গেংটোৱে সাতগাঁৱৰ পৰা এখন ৭০৯ চুৰি কৰি উধাও হৈছিল৷ এই সমগ্র ঘটনাত আন ৪–৫জন লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ অচিৰেই এইকেইজন লোককো গ্রেপ্তাৰ কৰা হ’ব বুলি আৰক্ষী আয়ুক্তই প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে গুৱাহাটীৰ পদপথৰ শ্লেব আৰু নির্মাণকার্যত ব্যৱহূত লোহা চুৰিৰ এটা গেঙক চানমাৰি আৰক্ষীয়ে কিছুদিন পূর্বে গ্রেপ্তাৰ কৰিছিল৷ এই চোৰৰ গেংটোৱে চুৰি কৰা লোহা দিলীপ গোৱেংকাৰ মালিকানাধীন কে ডি আইৰন ষ্টীলত বিক্রী কৰিছিল৷ আৰক্ষীয়ে কে ডি আইৰন ষ্টীলৰ মালিক দিলীপ গোৱেংকাক বিচাৰি অভিযান অব্যাহত ৰখাৰ লগতে থানাত হাজিৰ হোৱাৰ দুখনকৈ জাননী জাৰি কৰিছে৷ কিন্তু এতিয়াও পলাতক হৈ আছে কে ডি আইৰন ষ্টীলৰ স্বত্বাধিকাৰী দিলীপ গোৱেংকা৷ এটা শক্তিশালী চক্রই গুৱাহাটীৰ পৰা লোহাৰ ৰড, ৰোড ৰোলাৰ চুৰি কৰি কে ডি আইৰন ষ্টীল, সত্যম মেগা ডাম্পিঙকে ধৰি বিভিন্ন ডেম্পত বিক্রী কৰাৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷

You might also like