নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনালৈ মূলাগাভৰু বঁটা আটাছুৰ

নিয়মীয়া বার্তা, ১২ মার্চঃ টকিঅ’ অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰিবলৈ নির্বাচিত হোৱা লাভলিনা বৰগোহাঁইলৈ তাই আহোম ছাত্র সন্থাৰ গোলাঘাট জিলা সমিতিয়ে আগবঢ়াইছে মুলাগাভৰু বঁটা ৷ বুধবাৰে এটা বিবৃতিৰ জৰিয়তে সন্থাৰ যুটীয়া সম্পাদক গৌতম লাহনে কয় যে অসমৰ জীয়ৰী গোলাঘাটৰ সুযোগ্য সন্তান লাভলিনা বৰগোহাঁই বিশ্ব অলিম্পিকৰ বাবে নির্বাচিত হৈ সমগ্র অসমৰ লগতে গোলাঘাট জিলা ক্রীডা ক্ষেত্রলৈ শুভ বার্তা কঢ়িয়াই আনিছে ৷ বুধবাৰে সন্থাৰ তৰফৰ পৰা লাভলিনালৈ মুলাগাভৰু বঁটা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হয় ৷

You might also like