নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আউনীআটী সত্রত বৈষ্ণৱ ধর্মত শৰণ নাইজেৰিয়াৰ যুৱকৰ

তিতাবৰৰ যুৱতীৰে বিবাহ ডেভিড জ’নৰ

নিয়মীয়া বার্তা, ১২ মার্চঃ এগৰাকী অসমীয়া যুৱতীৰ পাণিগ্রহণৰ বাবে সুদূৰ নাইজেৰিয়াৰ এজন খ্রীষ্টিয়ান যুৱকে বুধবাৰে কলিয়াপানীস্থিত শ্রীশ্রী আউনীআটী সত্রৰ শিষ্যত্ব গ্রহণ কৰিলে ৷ নাইজেৰিয়াৰ যুৱক ডেভিড জ’নে বুধবাৰে অসমৰ চাৰি ৰাজ সত্রৰ অন্যতম আউনীআটি  সত্রৰ শিষ্যত্ব গ্রহণ কৰি হিন্দু ধর্মত দীক্ষিত হ’ল ৷ জানিব পৰা মতে, দিল্লীৰ এটা বহুজাতিক কোম্পানীত কর্মৰত নাইজেৰিয়ান যুৱক ডেভিড জ’নৰ লগত তিনি বছৰৰ পূর্বে প্রেমৰ সম্পর্ক হৈছিল তিতাবৰৰ যুৱতী সবিতাবৰাৰ ৷ দীর্ঘদিনীয়া প্রেমৰ অন্তত বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল দুয়ো ৷ এই সিদ্ধান্ত তিতাবৰৰ যুৱতী সবিতাই ঘৰত অৱগত কৰাৰ পাছত গাঁৱৰ ৰাইজে জ’নক সত্রীয়া সংস্কৃতি আঁকোৱালি লৈ মাজুলী সত্রত শৰণ ল’বলৈ পৰামর্শ দিয়ে ৷ ডেভিড জ’নে এই কথা মানি লৈ মাজুলী যোৱাৰ প্রস্তুতি চলাই যদিও বর্তমান ক’ৰোনা ভাইৰাছৰ বাবে মাজুলীলৈ গৈ শৰণ লোৱা সম্ভৱ ন’হল ৷ ফলত বুধবাৰে প্রেয়সীসহ ডেভিডে যোৰহাট জিলাৰ টীয়ক কলিয়াপানীস্থিত শ্রীশ্রী আউনীআটী শাখা সত্রত গোবিন্দ মহাপ্রভূৰ ওচৰত শৰণ ল’লে ৷ সম্পূর্ণ অসমীয়া সাজ–পোছাক পৰিধান কৰি ডেভিদে শৰণ লয় ৷ ভাষা–সংস্কৃতি সুকীয়া হ’লেও আজি কেৱল প্রেমৰ বাবেই অসমীয়া পৰম্পৰা আৰু সংস্কৃতি আঁকোৱালি লৈ সুখী বুলি মন্তব্য কৰিলে বিদেশী যুৱকগৰাকীয়ে ৷ আনহাতে সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়েও ডেভিড জ’নক শৰণ দি আনন্দিত ৷

You might also like