মধ্য চীনৰ ভূগর্ভত সর্ববৃহৎ স্বর্ণ ভাণ্ডাৰৰ সন্ধান
🔹 হুনান প্রদেশৰ ২ কিলোমিটাৰ গভীৰলৈ ১০০০ মেট্রিকটন অমূল্য ধাতু
নিউজ ডেস্ক, ৩০ নৱেম্বৰ : চীনৰ ভূগর্ভত বিশ্বৰ সর্ববৃহৎ স্বর্ণভাণ্ডাৰৰ সন্ধান পোৱা গৈছে৷ শেহতীয়াকৈ ভূতাত্ত্বিকসকলে দাবী কৰা অনুসৰি মধ্য চীনৰ ভূগর্ভত প্রায় ১০০০ মেট্রিকটন সোণৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যমে এই তথ্য সদৰী কৰিছে৷ চীনৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি সন্ধান পোৱা সোণৰ মূল্য হ’ব প্রায় ৮৩ বিলিয়ন ডলাৰ৷ অর্থাৎ ৮,৩০০ কোটি ডলাৰ৷ দক্ষিণ আফ্রিকাৰ বৃহৎ স্বর্ণ ভাণ্ডাৰতকৈ চীনৰ এই নতুনকৈ সন্ধান পোৱা স্বর্ণ ভাণ্ডাৰ বৃহৎ বুলি দাবী কৰিছে বিজ্ঞানীসকলে৷ স্মর্তব্য যে বিভিন্ন ভূ–বিজ্ঞান প্রক্রিয়াৰ মাজেৰে মূল্যৱান শিলৰ ওপৰত লাখ লাখ বছৰ পিছত সৃষ্টি হয় অমূল্য ধাতু সোণৰ৷ শেহতীয়াকৈ চীনত সন্ধান পোৱা এই স্বর্ণ ভাণ্ডাৰ মুঠ ৪০টা দীঘলীয়া সুঁতিত বিয়পি আছে৷ ভূগর্ভৰ দুই কিলোমিটাৰ গভীৰলৈ বিস্তৃত হৈ আছে এই অমূল্য ধাতুৰ ভাণ্ডাৰ৷ দক্ষিণ আফ্রিকাত ছাউথ দ্বীপ খনিত এতিয়াও মজুত হৈ আছে প্রায় ৯০০ মেট্রিকটন সোণ৷ সেই সোণ খনন কৰিবলৈ দীর্ঘ সময়ৰ প্রয়োজন হ’ব৷ শেহতীয়াকৈ চীনৰ হুনান প্রদেশৰ পিংজিয়াং কাউণ্টীত সর্ববৃহৎ স্বর্ণ ভাণ্ডাৰৰ সন্ধান পাইছে ভূতাত্ত্বিকসকলে৷ আৰম্ভণিতে ধাৰণা কৰা হৈছিল যে এই স্বর্ণ ভাণ্ডাৰৰ প্রতিটো সুঁতিত ৩০০ মেট্রিকটন বা তাতকৈ বেছি সোণ মজুত হৈ আছে৷ কিন্তু শেহতীয়াকৈ ভূ–বিজ্ঞানীসকলে দাবী কৰা অনুসৰি, স্বর্ণ ভাণ্ডাৰটোত আছে ১০০০ মেট্রিকটন বা তাককৈ অধিক সোণ৷ বিশ্বৰ ভিতৰতে এই স্বর্ণ ভাণ্ডাৰক বৃহৎ বুলি অভিহিত কৰা হৈছে৷ ইয়াৰ পূর্বে কোনো দেশত ইমান বিশাল পৰিমাণৰ সোণ মজুত হৈ থকাৰ তথ্য লাভ কৰা নাই ভূতাত্ত্বিকসকলে৷