হাইব্রিড মডেলত চেম্পিয়নছ ট্রফী আয়োজনৰ বাবে সাজু পাকিস্তান
🔹 আইচিচিৰ সন্মুখত কি তিনিটা গুৰুত্বপূর্ণ চর্ত ৰাখিলে পিচিবিয়ে ?
নিউজ ডেস্ক, ১ ডিচেম্বৰ : চেম্পিয়নছ ট্ৰফী ২০২৫ক লৈ স্থিতি সলনি কৰিছে পাকিস্তানে৷ চেম্পিয়নছ ট্ৰফীত অংশগ্রহণৰ বাবে ভাৰতীয় ক্রিকেট দল পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাৰ পিছৰে পৰা প্রতিযোগিতাখন সন্দর্ভত সংঘাতৰ সৃষ্টি হৈছে৷ পাকিস্তান ক্রিকেট ব’র্ডে বিচিচিআই আৰু আইচিচিৰ হাইব্রিড মডেলৰ দাবী নাকচ কৰি প্রতিযোগিতাখন সম্পূর্ণৰূপে নিজা ঘৰতে আয়োজন কৰাৰ দাবীত অটল আছিল৷ কিন্তু সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, পাকিস্তান ক্রিকেট ব’ৰ্ড হাইব্রিড মডেলৰ বাবে সাজু হৈছে আৰু আইচিচিক এই সন্দর্ভত অৱগত কৰিছে৷ চর্তকেইটা হ’ল– ভাৰতৰ মেচসমূহ ডুবাইত আয়োজন কৰিব৷ যদি ভাৰতে লীগ পর্যায়ৰ পৰা বিদায় লয় তেতিয়াহ’লে প্রতিযোগিতাখনৰ ছেমি আৰু ফাইনেল মেচ লাহোৰত আয়োজন কৰিব লাগিব৷ আনহাতে, পৰৱর্তী সময়ত ভাৰতত হ’বলগীয়া আইচিচিৰ প্রতিযোগিতাত ভাগ লোৱাৰ উদ্দেশ্যে পাকিস্তানে ভাৰত ভ্রমণ নকৰে৷ পাকিস্তানৰ মেচসমূহ নিৰপেক্ষ স্থানত আয়োজন কৰিব লাগিব৷ মন কৰিবলগীয়া যে পাকিস্তান ক্রিকেট ব’ৰ্ড হাইব্রিড মডেলৰ বাবে সাজু হোৱাৰ লগতে তিনিটা বিশেষ চর্ত বান্ধি দিছে৷ কেইবা সপ্তাহ ধৰি চলি থকা সংঘাতৰ সুনির্দিষ্ট সমাধানৰ বাবে আইচিচিয়ে ২৯ নৱেম্বৰত ব’ৰ্ডৰ ভার্চুৱেল বৈঠকৰ আহ্বান কৰিছিল৷ কিন্তু এই বৈঠক বেছি সময় অনুষ্ঠিত নহ’ল৷ মাত্র ১০–১৫ মিনিটৰ ভিতৰতে বৈঠকখন শেষ হয়৷ বৈঠকখনত পুনৰ আইচিচিয়ে হাইব্রিড মডেলৰ প্রস্তাৱ আগবঢ়ায়, যিটো পিচিবিৰ মুৰব্বী মহছিন নাকভিয়ে নাকচ কৰি পুনৰ সমগ্র প্রতিযোগিতাখন পাকিস্তানত আয়োজন কৰাৰ দাবী উত্থাপন কৰে৷ ইয়াৰ বাবেই বৈঠক ২৪ৰ পৰা ৪৮ ঘণ্টালৈ পিছুৱাই দিয়া হয়৷ পাকিস্তান ক্রিকেট ব’ৰ্ডৰ সূত্রৰ উদ্ধৃতি দি সংবাদ সংস্থাটোৱে জনাইছে যে পিচিবিয়ে হাইব্রিড মডেলৰ প্রস্তাৱত সন্মতি প্রকাশ কৰিছে৷ কেৱল হাইব্রিড মডেলেই নহয়, পিচিবিয়ে ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে৷ কিন্তু পাকিস্তানে ইয়াৰ বাবে চর্ত ৰাখিছে৷ প্রতিবেদনত দাবী কৰা হৈছে যে পিচিবিয়ে আইচিচিক নিজৰ অৱস্থাৰ বিষয়ে অৱগত কৰিছে৷ পিচিবিয়ে অহা ৭ বছৰৰ বাবে অর্থাৎ ২০৩১ চনলৈকে ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্রতিখন প্রতিযোগিতাতে হাইব্রিড মডেল গ্রহণ কৰাৰ বাবে প্রস্তাৱ দিছে৷ উল্লেখ্য যে ২০২৬ চনত ভাৰত আৰু শ্রীলংকাত অনুষ্ঠিত হ’ব টি–২০ বিশ্বকাপ৷ ২০২৯ চনত ভাৰতত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী৷ ইয়াৰ পিছত ভাৰত আৰু বাংলাদেশে ২০৩১ চনত এদিনীয়া বিশ্বকাপৰ আয়োজন কৰিব৷