চৈয়দ মুস্তাক আলী ট্ৰফীত চাৰ্ভিচেছৰ বিৰুদ্ধে সূৰ্যকুমাৰ-শিৱমৰ ধুমুহা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ ডিচেম্বৰঃ আজি চৈয়দ মুস্তাক আলী ট্ৰফীত অনুষ্ঠিত মুম্বাই বনাম চাৰ্ভিচেছৰ খেলখনত মুম্বায়ে ৩৯ ৰানৰ ব্যৱধানত জয় লাভ কৰে। এই মেচত সূৰ্যকুমাৰ যাদৱ আৰু শিৱম ডুবেই অৰ্ধশতকৰ ইনিংছ খেলি বিপক্ষৰ বলাৰক ধৰাশায়ী কৰে। এফালে ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৪৬টা বলত ৭০ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে ডুবেই মাত্ৰ ৩৭টা বলত অপৰাজিত ৭১ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰি ডুবে আৰু সূৰ্যকুমাৰৰ মাজত ১৩০ ৰানৰ পাৰ্টনাৰশ্বিপে মুম্বাইৰ জয়ত যথেষ্ট অৰিহণা যোগায়। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মুম্বাই বনাম চাৰ্ভিচেছৰ খেলখনত প্ৰথম খেলা মুম্বাইয়ে স্ক’ৰব’ৰ্ডত ১৯২ ৰান সংগ্ৰহ কৰে। মুম্বাই দলে ৬০ ৰানৰ স্ক’ৰলৈকে ৩টা উইকেট হেৰুৱাইছিল। ইয়াৰ পৰা ডুবে আৰু সূৰ্যকুমাৰে মিলি মাত্ৰ ৬৬টা বলত ১৩০ ৰান সংযোজন কৰে। দুয়োৰে একেলগে মুঠ স্ক’ৰ ১৪১ ৰান। ভাৰতৰ দুয়োগৰাকী তাৰকা খেলুৱৈয়ে একেলগে ৯টা চাৰি আৰু ১১টা আকাশচুম্বী ছয় মাৰে। তেওঁৰ উপৰি অধিনায়ক অজিংক্য ৰাহানেই ২২ ৰান, শ্ৰেয়াছ আয়াৰেও ২০ ৰান আগবঢ়ায়। ইয়াৰ উত্তৰত চাৰ্ভিচেছ দলটোৱে ১৫৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। প্ৰায় ১৯২ ধুমুহাময় ষ্ট্ৰাইক ৰেট লৈ খেলি শিৱম ডুবেই শিৰোনাম দখল কৰিছে। আনহাতে, সূৰ্যকুমাৰ ভনীয়েকৰ বিয়া অনুষ্ঠানৰ অন্তত খেলপথাৰলৈ উভতি আহিছিল। আহি পোৱাৰ লগে লগে তেওঁ ১৫২ ষ্ট্ৰাইক ৰেটেৰে খেলি মুম্বাইৰ জয়ত মূল ভূমিকা লয়। চৈয়দ মুস্তাক আলী ট্ৰফীত মুম্বাইৰ হৈ বাকী সকলো খেল খেলিব সূৰ্যকুমাৰে। ইয়াৰ উপৰি তেওঁক ৫০ অভাৰৰ ফৰ্মেটত খেলা বিজয় হাজাৰে ট্ৰফীতো খেলা দেখা যায়। চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৪ত গ্ৰুপ ইত স্থান লাভ কৰিছে মুম্বাইৰ দলটোৱে। এই দলটোৱে এতিয়ালৈকে পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰি পইণ্ট তালিকাত দ্বিতীয় স্থান লাভ কৰিছে। বৰ্তমান কেৱল অন্ধ্ৰপ্ৰদেশহে ইয়াৰ ওপৰত টেবুলত আছে। লীগ পৰ্যায়ত মুম্বাইৰ অন্তিমখন খেল ৫ ডিচেম্বৰত অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে হ’ব। চৈয়দ মুস্তাক আলী ট্ৰফী ২০২২-২০২৩ ছিজনৰ চেম্পিয়ন আছিল মুম্বাই।