নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত বৃদ্ধি হাতী-মানুহৰ সংঘাত

📌 চলিত বৰ্ষত ৭ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৭ টাকৈ হাতীৰো হৈছে মৃত্যু

📌 হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ হলে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন

ভাৰত-ভূটান সীমান্তৰ পৰা বাপন শৰ্মা, ৭ ডিচেম্বৰঃ ভাৰত-ভূটান সীমান্তৰ কৃষক ৰাইজৰ সপোন চুৰমাৰ কৰিলে বন্যহস্তীয়ে। অঞ্চলটোৰ জনসাধাৰণৰ সেউজীয়া সপোন এক প্ৰকাৰ ধ্বংস কৰি দিছে বন্যহস্তীয়ে। দিনে দিনে বাঢ়িব ধৰিছে হাতী -মানুহৰ সংঘাট। ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বিশেষকৈ হাতীগড়, বামুনজুলি, গৰিয়াঝাৰ, সোনাজুলি, টেংকিবস্তী, যোৰপুখুৰী, ভূটীয়াচাং, ৰাজাগড়, ভোলাতাৰ, খৈৰাজঙ্গল, ঔৰঙ্গাজুলি, কালিখোলা, ছাগেলীঝাৰ, নালাপাৰা আদিত বন্যহস্তীয়ে মানুহৰ ওপৰত তাণ্ডব চলাই আহিছে। হাতী আৰু মানুহৰ মাজত ধাৰাবাহিক ভাৱে চলি অহা সংঘাটৰ ফলত হাতী আৰু মানুহেও প্ৰাণ হেৰুৱাৱ লগীয়া হৈছে। চলিত বৰ্ষত হাতী -মানুহৰ সংঘাটৰ ফলত হাতীৰ হাতত প্ৰাণ হেৰুৱাৱ লগীয়া হৈছে ৭জনকৈ লোকে। আনহাতে বিভিন্ন কাৰণত ৭টাকৈ বন্যহস্তীৰো মৃত্যু ঘটিছে। ৭জন লোক গুৰুতৰভাৱে আহত হৈছে। ১০০ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰি খেতিয়কৰ সেউজীয়া সপোন ধ্বংস কৰি পেলাইছে। ১৫০ পৰিয়ালক ঘৰ দুৱাৰ ধ্বংস কৰি গৃহহীন কৰিছে। বিগত ৯০ দশকৰ পৰাই বছৰে বছৰে হাতী আৰু মানুহৰ সংঘাটৰ সৃষ্টি আহিছে যদিও এই বিষয়টো নিৰ্মূল তথা প্ৰতিৰোধৰ ক্ষেত্ৰত বিটিতি কতৃপক্ষৰ লগতে বনবিভাগে গুৰুত্ব দিয়া নাই বুলি ভুক্তভোগীয়ে জানিবলৈ দিছে। বাসস্থান আৰু চুড়ান্তভাৱে খাদ্যৰ অভাৱত পৰাৰ বাবেই জনাঞ্চলৰ পৰা বনাঞ্চলত বন্যহস্তীয়ে জাকে জাকে প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰাই নহয় ভঁৰালৰ ধান, পথাৰৰ খেতি,বাৰিৰ তামোল, কল, মূল্যবান গছগছনি আদি খাই তহিলং কৰাৰ লগতে ধ্বংস কৰি আহিছে।শালি ধানৰ ওপৰত গেৰ হোৱাৰে পৰা অধ্যপি আঘোনৰ সোণোৱালী পকাধান খাই কৃষকৰ সেউজীয়া সপোন ধ্বংস কৰি পেলাইছে। আশাৰে কৰা খেতি দৰা মুহূৰ্ততে শেষ হৈ গৈছে। আনহাতে আজি তিনিদিন ধৰি জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৩ নং মাজুলীৰ খৈৰাবস্তীত বন্যহস্তীয়ে ধাৰাবাহিক ভাৱে উপদ্ৰৱ চলাই আহি ৰমেশ গৌৰৰ ৪ বিঘা মাটিৰ ধানখেতি খাই তহিলং কৰাৰ লগতে খচি -গচকী ধ্বংস কৰি পেলাইছে। প্ৰায় ৭০-৮০ মোন ধান পাবলৈ সক্ষম হোৱা পৰিয়ালটিৰ সম্পূৰ্ণ খেতি নষ্ট কৰি পেলোৱাৰ ফলত ভৱিষ্যত জীৱন ধাৰণৰ উপৰিও অন্ধকাৰ নমাই আনে। একেখন গাঁৱৰে অনিল দৈমাৰীৰ ৮ বিঘা মাটিৰ ৪০০ জোপা তামোল গছৰ পুলি খাই ধ্বংস কৰি পেলোৱাৰ উপৰিও ২ বিঘা মাটিৰ ধান খেতি খাই তহিলং কৰে। জৱাহৰলাল কৰ্মকাৰৰ ৬ বিঘা মাটিৰ ধান খেতি খাই তহিলং কৰাত পৰিয়ালটোৱে ভৱিষ্যতে কি খাই জীয়াই থাকিব সেই লৈ ভিষন সমস্যাত পৰিছে। সমস্ত খেতি পথাৰৰ ধান হাতীয়ে খাই ধ্বংস কৰা পৰিয়াল কেইটিয়ে চৰকাৰ তথা বিটিআৰৰ কতৃপক্ষৰ ওপৰত ইয়াৰ উচিত ক্ষতি পুৰণ দিবলৈ অনুৰোধ জনাইছে।

প্ৰেৰক বাপন শৰ্মা

You might also like