নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ সাংস্কৃতিক সংগঠক তৰুণ চহৰীয়াৰ দেহাৱসান 

🔹 নশ্বৰ দেহত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অন্তিম শ্ৰদ্ধা জ্ঞাপন  

নিয়মীয়া বাৰ্তা,  ৮ ডিচেম্বৰ : ছিপাঝাৰৰ এগৰাকী অগ্ৰণী সাংস্কৃতিক সংগঠক তথা দীৰ্ঘদিন ধৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আঞ্চলিক গোটক নেতৃত্ব দিয়া তৰুণ চহৰীয়াৰ আজি দেহাৱসান ঘটে। উল্লেখযোগ্য যে ছিপাঝাৰৰ বাছ আস্থানৰ সমীপৱৰ্তী শীতলাবড়ি নিৱাসী তৰুণ চহৰীয়া ছিপাঝাৰৰ অগ্ৰণী সংগঠক ঐক্যতানৰ এগৰাকী প্ৰতিষ্ঠাপক হোৱাৰ লগতে সুদীৰ্ঘ দিন ধৰি সাংস্কৃতিক সম্পাদক পদৰ দায়িত্ব‌ও পালন কৰিছিল। এটা সময়ৰ মেধাৱী ছাত্ৰগৰাকীয়ে ঐক্যতানৰ মঞ্চৰ উপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি নিজৰ সাংস্কৃতিক প্ৰতিভাৰো  উমান দিছিল । এগৰাকী উদীয়মান সংগঠক হিচাপে ছিপাঝাৰৰ সমাজ জীৱনৰ লগত সততে জড়িত হৈ অহা তৰুণ চহৰীয়াই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সম্পাদক, ছিপাঝাৰৰ আঞ্চলিক সমিতিৰ সম্পাদক-সভাপতি, ছিপাঝাৰ মহকুমা দাবী সমিতিৰ কাৰ্যালয় সম্পাদক, ছিপাঝাৰ গ্ৰাহক সুৰক্ষা সমিতিৰ সম্পাদক আদিৰ দৰে গুৰু দায়িত্ব পালন কৰাৰ উপৰি ঐক্যতান, মিলন সংঘ, ছিপাঝাৰ ৰঙালী বিহু সন্মিলন, ছিপাঝাৰ ৰাস মহোৎসৱ আদি অনুষ্ঠানৰ লগতো জড়িত আছিল। পৰৱৰ্তী সময়ত ৰেচম বিভাগত নিযুক্ত হোৱা সৰবৰহী ব্যক্তি তৰুণ চহৰীয়াই প্ৰথমে নগাঁও আৰু পৰৱৰ্তী সময়ত দৰং জিলাত কাৰ্যনিৰ্বাহ কৰিছিল। বিগত কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হোৱা তৰুণ চহৰীয়াই চিকিৎসালয়তো ভৰ্তি হৈছিল যদিও শেহতীয়াকৈ স্বগৃহত থাকিয়েই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছিল যদিও আজি পুৱা সাত বজাত মাত্ৰ দুকুৰি বাৰ বছৰীয়া জীৱন পৰিক্ৰমা সামৰে । আনহাতে, মাতৃসহিতে একমাত্ৰ পুত্ৰ-পত্নী আৰু তিনিগৰাকী ভাতৃ তথা আত্মীয়-স্বজন, গুণমুগ্ধ এৰি যায় তেওঁ । আজি নশ্বৰ দেহত ছিপাঝাৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।

 

প্ৰেৰক ৰণজিত নাথ

You might also like