টেনিছ ক’ৰ্টৰ ভিতৰত পুত্ৰক কোচত তুলি ছানিয়া মিৰ্জা…ভাইৰেল হ’ল ফটো
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ ভাৰতীয় মহিলা টেনিছ তাৰকা ছানিয়া মিৰ্জাই সোমবাৰে এখন বিশেষ ফটো সামাজিক মাধ্যম টুইটাৰযোগে প্ৰচাৰ কৰে । যিখন পলকতে ভাইৰেল হৈ পৰে । এই বিশেষ ফটোখনত তাৰকা খেলুৱৈগৰাকীক তেওঁৰ পুত্ৰৰ সৈতে টেনিছ ক’ৰ্টৰ ভিতৰত দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে এই ফটোখন টেনিছ তাৰকাগৰাকীৰ ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলাৰ কিছুসময়ৰ পূৰ্বে তুলা হৈছিল ।
এই ফটোখন প্ৰচাৰ কৰি তেওঁ লিখিছে- “এই ছবিখন মোৰ জীৱন । তেওঁ মোক বহুত উৎসাহ আৰু প্ৰেৰণা দিছে ।”
ইপিনে এগৰাকী খেলুৱৈ হৈয়ো এগৰাকী মাতৃৰ দায়িত্ব সুন্দৰভাৱে পালন কৰাৰ আঁৰৰ এই ফটোখনক লৈ এতিয়া সবত্ৰে চৰ্চা লাভ কৰা দেখা গৈছে ।
My life in a picture ❤️I wouldn’t hav it any other way ?? Allhamdulillah
This is right before we played the tie against Indonesia to make the world group play offs for the first time @fedcuptennis .. he inspires me the most to do what I do and be the best I can be ? ? ??#izzy pic.twitter.com/UMIpkPgIn8— Sania Mirza (@MirzaSania) March 11, 2020