আৰক্ষীৰ হস্তক্ষেপ : সমাধান ছিপাঝাৰৰ পোছাক পৰিধান বিতৰ্কৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ অৱশেষত আৰক্ষীৰ হস্তক্ষেপত ওৰ পৰিল ছিপাঝাৰৰ গণেশকুণৱৰীৰ গংগাজানীত হোৱা চুৰিদাৰ বিতৰ্কৰ। ছিপাঝাৰৰ আৰক্ষীয়ে স্থানীয় গাঁওপ্ৰধান সহিতে অভিযোগকাৰী মহিলা পিংকী দাস আৰু গাঁৱৰ মহিলা সমাজৰ প্ৰতিনিধিক থানালৈ তলব কৰি আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰে। গাঁৱৰ মহিলা সমাজে চুৰিদাৰ পিন্ধাক লৈ জাৰি কৰা ফটোৱা উঠাই লোৱা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰি দুয়ো পক্ষ সমিলমিলেৰে একেখন গাঁৱতে বসবাস কৰিবলৈ মান্তি হোৱাত সমগ্ৰ ৰাজ্য ৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰা বিতৰ্কৰ ওৰ পৰে এই বিতৰ্কৰ। লক্ষণীয় যে এগৰাকী মহিলাই চুৰিদাৰ পৰিধান কৰাৰ বাবে গংগাজানি গাঁৱত এঘৰীয়া হ’ব লগা হৈছিল এটা পৰিয়াল। চুৰিদাৰ পৰিহিতা কোনো বোৱাৰী ইতিপূৰ্বে পলাই যোৱাৰ বাবেই ইয়াৰ ৰাইজে নিয়ম কৰি লৈছিল যে গাওঁখনৰ মহিলাই পিন্ধিব নোৱাৰিব চুৰিদাৰ। কিন্তু এই নিয়ম ভংগ কৰি চুৰিদাৰ পৰিধান কৰাৰ বাবে এঘৰীয়া কৰা হৈছিল এটা পৰিয়ালক। ব্যাপকভাবে চৰ্চিত বিষয়টো ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী আৰু প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছিল।