নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱাত বনৰীয়া হাতীৰ তাণ্ডৱ, লণ্ডভণ্ড দুটাকৈ গৃহ

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ লাওখোৱাত অব্যাহত আছে হাতী মানুহৰ সংঘাত৷ যোৱানিশা লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দুখনৰ পৰা হাতীৰ জাক এটা ওলাই আহে৷ খাদ্যৰ সন্ধানত হাতীৰ জাক এটাই বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি চলায় তাণ্ডৱলীলা৷ লাওখোৱাৰ ২নং ভূৰবন্ধাত যোৱানিশা বন্যহস্তীৰ জাক এটাই চলায় এই তাণ্ডৱলীলা। বন্যহস্তীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰিলে প্ৰবীণ ৰয় নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ।হাতীৰ জাকটোৱে বাসগৃহ লণ্ড-ভণ্ড কৰি প্ৰবীণ ৰয়ৰ পৰিয়ালৰ লোকক আক্ৰমন কৰিবলৈ লোৱাৰ সময়তে চিঞৰ বাখৰ কৰাত ৰাইজে আহি হাতীৰ জাকটোক খেদি পৰিয়ালটোৰ প্ৰাণ ৰক্ষা কৰে৷ হাতীৰ জাকটোৱে প্ৰবীণ ৰয়ৰ ভৰালত থকা ধান খাই তহিলং কৰে৷ লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে খাই তহিলং কৰিলে বিঘাই বিঘাই কৃষকৰ পাচলি খেতি। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ প্ৰৱেশ কৰিছিল ১৪-১৫ জনীয়া এটি বৃহৎ হাতীৰ জাক। নিশাই স্থানীয় ৰাইজে বন বিভাগৰ লোকৰ সৈতে যোগাযোগ কৰে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে। বন বিভাগৰ গাড়ীত তেল নথকাৰ বাবে আহিব নোৱাৰে বুলি ৰাইজক বন বিভাগৰ লোকে জনাইছে বুলি ক্ষোভ উজাৰিছে৷ স্থানীয় ৰাইজে হাতীৰ অত্যাচাৰৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like