সীমা সংঘাতৰ অৱসান ঘটাই নতুন অধ্যায়ৰ সূচনাৰ প্রয়াস ভাৰতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ডিচেম্বৰঃ সীমান্তৰ সংঘাতৰ অৱসান ঘটাই দ্বিপাক্ষিক সম্পর্কৰ উন্নতি ঘটোৱা বিষয়টোত গুৰুত্ব আৰোপ কৰি বেইজিঙত চীনৰ বিদেশমন্ত্রী ৱাং য়িৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত মিলিত হ’ল ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা (এনএছএ) অজিত ডোভাল৷ ৱাং য়িৰ সৈতে বৈঠকত মিলিত হয় ডোভাল৷ এক সূত্রই সদৰী কৰা অনুসৰি এই বৈঠকত পূব লাডাখত সেনাৰ গতিবিধি নিয়ন্ত্রণৰ লগতে একাধিক বিষয়ত ইতিবাচকভাৱে আলোচনা আগবঢ়োৱা হয়৷ বিশেষজ্ঞসকলৰ ধাৰণা অনুসৰি অতীতৰ সংঘাতৰ অৱসান ঘটাই ভাৰত–চীন সম্পর্কৰ নতুন যুগৰ সূচনাৰ লক্ষ্যত এই বৈঠক অতি গুৰুত্বপূর্ণ৷ ভাৰত আৰু চীনৰ মাজত সীমান্তত সংঘাতৰ সূত্রপাত হয় ৪ বছৰ পূর্বে পূব লাডাখৰ গালৱানত৷ প্রকৃত নিয়ন্ত্রণ ৰেখাত বিপুল পৰিমাণে সেনা মোতায়েন কৰে দুয়োখন দেশে৷ সমস্যাৰ সমাধান কৰিবলৈ দুয়োখন দেশৰ সেনা বিষয়াসকলৰ মাজত ২৩টা পর্যায়ত বৈঠক অনুষ্ঠিত হোৱাৰ পিছত যোৱা মাহত প্রকৃত নিয়ন্ত্রণ ৰেখাত টহলদাৰী সীমা নির্ধাৰণ আৰু মুখামুখি অৱস্থানৰ পৰা আঁতৰি অহাৰ বিষয়টোক লৈ বুজাবুজি হয় নতুন দিল্লী আৰু বেইজিঙৰ মাজত৷ সূত্রই সদৰী কৰা অনুসৰি আজি এই বিষয়টোত আলোচনা চলাৰ উপৰি চীনৰ বিদেশমন্ত্রীগৰাকীৰ সৈতে একাধিক দ্বিপাক্ষিত বিষয়ত আলোচনা অনুষ্ঠিত হৈছে ডোভালৰ৷ এই বৈঠকৰ পূর্বে চীনৰ বিদেশ মন্ত্রণালয়ৰ মুখপাত্র লিন জিয়ানৰ এক বিবৃতি পোহৰলৈ আহিছে৷ এই বিবৃতিত মুখপাত্রগৰাকীয়ে কয় যে ভাৰতৰ সৈতে হাত মিলাই কাম কৰিবলৈ আগ্রহী চীন৷ দুয়োখন দেখৰ মাজত গুৰুত্বপূর্ণ চুক্তিৰ বাস্তৱ ৰূপ দিবলৈ চীন সাজু বুলিও মুখপাত্রগৰাকীয়ে মন্তব্য কৰে৷ ইফালে পৰস্পৰে পৰস্পৰৰ স্বার্থ আৰু উদ্বেগক সন্মান জনাই আলোচনাৰ মাধ্যমত মত–পার্থক্যৰ অৱসান ঘটাবলৈ চীন আগ্রহী বুলিও মুখপাত্রগৰাকীয়ে মন্তব্য কৰিছিল৷