চীনৰ মৰুভূমিত সাজু ৮০টা পাৰমাণৱিক মিছাইল, চিন্তিত বিশ্ব
ডিজিটেল ডেস্ক, ৩১ মে’ : চীনৰ শেহতীয়া কাম–কাজে চিন্তিত কৰি তুলিছে বিশ্ববাসীক৷ বিশেষকৈ আমেৰিকান বিজ্ঞানী ফেডাৰেচনৰ পাৰমাণৱিক তথ্য প্রকল্পৰ সঞ্চালক হান্স ক্রিষ্টেনছেনে প্রকাশ কৰা এক তথ্যত হতবাক হৈ পৰিছে আমেৰিকাবাসী৷ নতুন ছেটেলাইট ছবিয়ে চীনৰ উত্তৰ–পশ্চিম সীমান্তৰ জিনজিয়াং আৰু গানছু প্রদেশৰ মৰুভূমিত ২৬ বিলিয়ন মার্কিন ডলাৰ ব্যয় কৰি এক অভূতপূর্ব পাৰমাণৱিক মিছাইল নেটৱর্ক আৰু ৰহস্যময় অষ্টভুজ আকৃতিৰ সামৰিক ঘাটি নির্মাণৰ তথ্য প্রকাশ কৰাৰ পিছতে ভাৰতসহ বিশ্ববাসীক হতচকিত কৰি তুলিছে৷
ছেটেলাইটৰ তথ্য অনুসৰি, জিনজিয়াঙৰ হামি অঞ্চলত চীনে ৮০টাতকৈও অধিক পাৰমাণৱিক মিছাইলৰ লঞ্চ পেড আৰু দুটা বিশাল অষ্টভুজ আকৃতিৰ কেন্দ্র নির্মাণ কৰিছিল৷ হাজাৰ হাজাৰ বর্গ কিলোমিটাৰ মৰুভূমিজুৰি বিস্তৃত এই নেটৱর্কত শক্তিশালী বাংকাৰ, ৰে’ল সংযোগ, এয়াৰ ফিল্ড আৰু উন্নত উপগ্রহ সংযোগৰ ব্যৱস্থাও অন্তর্ভুক্ত আছে৷ আনকি চীনৰ হুয়ান–১ উপগ্রহ প্রণালী শত্রুপক্ষৰ মিছাইল আক্রমণৰ মাত্র ৯০ ছেকেণ্ডৰ ভিতৰত উমান পাব পৰাকৈ সক্ষম৷
প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, চীনে এই বিশাল আন্তঃৰাষ্ট্রীয় বেলেষ্টিক মিছাইল ঘাটিসমূহৰ জৰিয়তে প্রত্যাক্রমণৰ ক্ষমতা বৃদ্ধি কৰিছে, যাতে শত্রুৰ প্রথম আক্রমণৰ পিছতে শত্রুপক্ষক সম্পূর্ণ ধ্বংস কৰিব পৰা যায়৷ পেণ্টাগনৰ প্রতিবেদন অনুসৰি, ২০৩০ চনৰ ভিতৰত চীনৰ যুদ্ধাস্ত্রৰ সংখ্যা ১০০০লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
ইফালে, চীনৰ এই অস্বাভাৱিক পাৰমাণৱিক আধুনিকীকৰণে বিশ্বজুৰি এক নতুন শীতল যুদ্ধৰ সূচনা কৰিছে৷ বিশেষকৈ টাইৱান প্রসংগক লৈ আমেৰিকা আৰু চীনৰ মাজত সামৰিক উত্তেজনা চৰম পর্যায়ত থকাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে৷ চীনৰ ৰাষ্ট্রপতি জি ঝিনপিং আৰু আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মাজত হোৱা বার্তালাপতো টাইৱান বিষয়ক লৈ সংঘাত বৃদ্ধি পাইছে৷
ইফালে, চীনৰ শেহতীয়া সামৰিক কুচকাৱাজ ভাৰতৰ বাবে অত্যন্ত চিন্তাজনক৷ যিহেতু এই মিছাইলসমূহৰ পৰিসৰৰ ভিতৰত ভাৰতৰ প্রতিখন চহৰ অনায়াসে ঢুকি পাব৷ সেয়েহে হিমালয় সীমান্তত ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ প্রতি এয়া এক স্থায়ী ভাবুকি৷ প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, চীনৰ গোপন কাৰচাজি কেৱল এছিয়া মহাদেশতে নহয়, বৰঞ্চ সমগ্র বিশ্বৰ ভূ–ৰাজনৈতিক ভাৰসাম্যতো বিঘিনি ঘটোৱাৰ আশংকা আছে৷