নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রীড়াক্ষেত্রৰ প্রভাৱশালী মহিলা নীতা আম্বানি

নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ মুম্বাই ইণ্ডিয়ানছ ক্রিকেট দল ফ্রেঞ্চাইজীৰ স্বত্বাধিকাৰ নীতা আম্বানিয়ে ২০২০ চনৰ বিশ্বৰ শীর্ষৰ ১০গৰাকী ক্রীড়া ক্ষেত্রৰ প্রভাৱশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছে৷ স্প’টছ বিজনেছ নেটৱর্ক আইস্প’টছকানেক্টে মুকলি কৰা তালিকাত স্থান পাইছে নীতা আম্বানিয়ে৷ এই তালিকাত স্থান লাভ পোৱা আনকেইগৰাকী মহিলা হ’ল টেনিছ তাৰকা ছেৰেনা উইলিয়ামছ আৰু ন’ৱামী ওছাকা৷ আনকেইগৰাকী প্রভাৱশালী মহিলা হ’ল এলী নর্মান (ডাইৰেক্টৰ অৱ মার্কেটিং এণ্ড কমিউনিকেচনছ, ফর্মূলা–১), কেথী এঞ্জেলবার্থ (কমিছনাৰ ডব্লিউ এন বিএ), ফাটমা ছামৌৰা (সচিবপ্রধান, ফিফা), মেৰী ডেভিছ (চিই’, স্পেচিয়েল অলিম্পিক) আৰু ক্লাৰে কনৰ (মেনেজিং ডাইৰেক্টৰ, অ’মেন ক্রিকেট, চিইবি)

You might also like