নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ সংকটঃ চীনে বন্ধ কৰিলে মাউণ্ট এভাৰেষ্ট

নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ ক’ৰোনা ভাইৰাছে চীনৰ লগতে বিশ্বৰ বহু ৰাষ্ট্রত মহামাৰীৰ ৰূপ লোৱাৰ পিছত আজি চীনে বিশ্বৰ সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টলৈ যোৱাৰ পথ বন্ধ কৰি দিছে৷ বসন্ত কাল আৰম্ভ হোৱাৰ লগে লগে বিশ্বৰ সর্বোচ্চ শৃংগ এভাৰেষ্টলৈ পর্বতাৰোহণৰ বাবে পর্বতাৰোহণকাৰীৰ ভিৰ হয়৷ যোৱা বছৰ ৮৮৫জন লোকে এভাৰেষ্টত আৰোহণৰ বাবে যাত্রা কৰিছিল৷ ইয়াৰে ৬৪৪জন নেপালৰ পৰা আৰু ২৪১জন তিব্বতৰ পৰা৷ কিন্তু কালি বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছক মহামাৰী আখ্যা দিয়াৰ পিছত চীনৰ চৰকাৰে মাউণ্ট এভাৰেষ্টলৈ যোৱাৰ পথ বন্ধ কৰি দিয়ে৷

You might also like