নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰিয়হ ফুলৰ সুবাসত নগাঁৱত সৃষ্টি বিনন্দীয়া পৰিৱেশ

বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰঃ এতিয়া সৰিয়হ ফুলাৰ বতৰ। সৰিয়হ ফুলৰ হালধীয়া ৰং এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সৰিয়হ ফুলৰ সুবাসত আমোলমোল হৈ পৰিছে সমগ্ৰ নগাঁও জিলা। কৃষি অৰ্থনীতিৰ শক্তিশালী বুনিয়াদ গঢ়া নগাঁও জিলাত শালিধানৰ পিছতেই সৰিয়হ প্ৰধান খেতি হিচাপে চিহ্নিত। ৰাজ্যখনৰ আন জিলা লগতে নগাঁও জিলাৰ কৃষক সকল এতিয়া শালি ধানৰ খেতি চপোৱাৰ লগতে সমান্তৰালভাৱে সৰিয়হ খেতি কৰাত ব্যস্ত। লহপহকৈ বাঢ়ি অহা সৰিয়হত এতিয়া ফুল ধৰিছে। সৰিয়হৰ হালধীয়া ফুলৰ সুৱাসে এতিয়া চৌপাশে দোলা দি আছে। শীতৰ হিম চেঁচা বতৰত সৰিয়হ ফুলৰ আমেজে এতিয়া কৃষি ভূমি জিলিকাই তুলিছে। বিশেষকৈ জিলাখনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী, নগাঁৱৰ প্ৰাণস্বৰূপ কলংনৈ, কপিলী, বৰপানী, সোণাই নদীৰ দাতিকাষৰীয়া অঞ্চলৰ সৰিয়হ ফূলৰ সুবাসে সকলোকে হাতবাউল দি মাতিছে। মৌ -মাখি আৰু ভোমোৰাৰ গুণ গুণ শব্দত মূখৰিত হৈ পৰিছে সৰিয়হতলিৰ চৌপাশ। হালধীয়া ৰঙৰ আস্বাদনত প্ৰাণ চঞ্চল হৈ পৰিছে নৈপৰীয়া অঞ্চলসমূহ। হালধীয়া ৰঙৰ সুবাসত বিভোৰ হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল। নৈপৰীয়া এই অঞ্চলসমূহৰ যেনিয়েই চোৱা যায়, তেনিয়েই দেখা যায় কেবল হালধীয়া আৰু হালধীয়া। সৰিয়হৰ হালধীয়া ফুলৰ মাজত বহুতে ফটো উঠাৰ  লগতে একাংশই ছেলফি উঠা পৰিলক্ষিত হৈছে।নৈপৰীয়া এই পথাৰ সমূহ এতিয়া সৰিয়হ খেতিৰে ভৰি পৰিছে। জিলাখনৰ বিভিন্ন স্থানত প্ৰায় ৩৬ হাজাৰ হেক্টৰ কৃষিভুমিত সৰিয়হৰ খেতি কৰা হয়। নৈপৰীয়া অঞ্চলৰ বাহিৰেও আনকেবাটাও অঞ্চলতো সৰিয়হ খেতি কৰা হয়। জিলাখনৰ কুঠৰী ,দ্বাৰ -বাগৰিৰ পৰা আৰম্ভ কৰি কেৰিবাকৰি, হাতীমুৰা, শিলঘাট, ভূৰবন্ধা, ডুমডূমিয়া, ধিং আদি ব্ৰহ্মপুত্ৰৰ পাৰৰ ঠাইসমূহ, মিছা, চামগুৰিৰ পৰা শেনছোৱা, ৰহা আদি কলংনৈৰ পাৰৰ ঠাইসমুহত সৰিয়হ খেতি কৰিছে কৃষকসকলে। একেদৰে কপিলী বৰপানীপৰীয়া কৃষকসকলে কচুৱা, বৰবিল, আমডুবি শিঙিমাৰী, মাধবপাৰা আদি অঞ্চলত কৰিছে সৰিয়হৰ খেতি। অঞ্চলৰ সেউজ অসমী বৰপানীপৰীয়া যুটীয়া কৃষিপাম সমবায় সমিতিয়ে ৬০ বিঘা মাটিত সৰিয়হ খেতি কৰিছে। প্ৰতিবছৰে সমিতিখনে সৰিয়হ খেতি কৰি লাভবান হৈ আহিছে।জিলা খনৰ আন ঠাই লগতে নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম অঞ্চলৰ এক বিস্তীৰ্ণ এলেকাত কৃষকে সৰিয়হৰ খেতি কৰিছে। জানিব পৰা মতে সোণাই নৈৰ পাৰৰ চাবুকধৰা ম’হগ্ৰাম বড়ি, নিজলোঙামুখ, হানিমৰা ঘাট, ভোমোৰাগুৰি, চোৱাতবড়ি, ঘুমটি গাওঁ, ভকত গাঁৱকে ধৰি বহু কেইখন গাঁৱৰ দুই শতাধিক কৃষক এতিয়া সৰিয়হ খেতিত ব্যস্ত। সোণাই নৈ পাৰৰ প্ৰায় ৩০০ৰো অধিক বিঘা বিস্তীৰ্ণ ভূমিত কৃষকে সৰিয়হ খেতি কৰিছে। চৰকাৰী সাহায্য নোহোৱাকৈ অতি কষ্টৰে এই কৃষক সকলে হাল বায় সৰিয়হ খেতি কৰিছে। জিলাখনৰ সৰিয়হৰ খেতি কৰা কৃষক সকলে আশা প্ৰকাশ কৰিছে যে সৰিয়হ খেতিৰ জৰিয়তে তেওঁলোক লাভবান হ’ব। চৰকাৰী সাহায্য পালে অঞ্চলটোৰ কৃষক সকলে কৃষি কাৰ্য কৰি উপকৃত হোৱাৰ লগতে স্বাৱলম্বী হ’ব বুলি তেওঁলোকে মন্তব্য কৰে। উল্লেখযোগ্য যে জিলাখনত সৰিয়হ খেতিৰ জৰিয়তে কৃষক সকলে অৰ্থনৈতিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰী আহিছে যদিও কৃষকে উচিত মূল্য নাপায়।
প্ৰেৰক কনক হাজৰিকা
You might also like