নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰৰ শেষৰটো দেওবাৰ : শীতৰ কোমল ৰ’দৰ উম লৈ চন্দ্ৰপুৰৰ বনভোজথলীত ভিৰ

বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰ : আজি চলিত বৰ্ষৰ শেষৰটো দেওবাৰ। অৰ্থাৎ ২০২৪ চনৰ অন্তিমটো বন্ধৰ দিন। নতুন বছৰলৈ কেইঘন্টামানৰ ব্যৱধান। পুৰণি বছৰৰ বিদায় ক্ষণত বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ সৈতে শীতৰ কোমল ৰ’দৰ উম লৈ এসাঁজ লগভাত খোৱাৰ আশাৰে আজি পুৱাৰে পৰা মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰৰ বিভিন্ন বনভোজথলীলৈ আগমন ঘটে অসংখ্য বনভোজকাৰী দলৰ। পুৱা ৰ’দ-কাচলিৰ পূৰ্বে ঘন কুঁৱলীৰ মাজে মাজে দেখা গ’ল অসংখ্য সৰু-বৰ গাড়ীৰ লানি নিছিগা সোঁত। বনভোজকাৰী দলৰ এনে সৰু-বৰ গাড়ীৰ বাবে প্ৰায় ওৰে দিনটো যান-জঁট সৃষ্টি হোৱা পৰিলক্ষিত হয় নাৰেংগী-চন্দ্ৰপুৰ পথত। পুৱাৰ পৰা আগমন ঘটা এই বনভোজকাৰী দলেৰে বিশেষকৈ পানীখাইতী, হাতীশিলা, চন্দ্ৰপুৰ, ঠাকুৰকুছি, পাণবাৰী, কাজলী চকী আদি বিভিন্ন স্থানত গঢ় লৈ উঠা বনভোজস্থলীসমূহ ভৰি পৰে। বিশেষকৈ পানীখাইতীৰ তামোলবাৰী, হাতীশিলা, হাজোংবৰীৰ চানচেট, চন্দ্ৰপুৰৰ তপোবন, চানছাইন, চানভিউ, আবেলি ঘাট আৰু ঠাকুৰকুছিৰ ঐতিহাসিক খামৰেংগা বিলৰ পাৰত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ উপৰি পাণবাৰী আৰু কাজলী চকী এলেকাতো বহু বনভোজকাৰী দলৰ আগমন ঘটা পৰিলক্ষিত হয়। এনেবোৰ বনভোজথলীত স্থানৰ অভাৱ হোৱাত বহু দলে পথৰ দাঁতিত আৰু ধাননি পথাৰতো লগভাত খোৱাৰ ব্যৱস্থা কৰা দেখা যায়। মুঠৰ ওপৰত আজিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ বলুকা, মুকলি পথাৰ, বিলৰ পাৰত কোমল ৰ’দৰ উম লৈ এসাঁজৰ তৃপ্তি লোৱা দেখা যায় শ শ বনভোজকাৰী দলে। ইয়াৰ সমান্তৰালভাৱে সংগীতৰ তালে তালে নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে শিশুৰ পৰা যুৱক-যুৱতী আৰু বৃদ্ধ। মূলতঃ বছৰৰ অন্তিম বন্ধৰ দিনটোত একপ্ৰকাৰ ৰঙীন হৈ উঠে চন্দ্ৰপুৰৰ বিভিন্ন বনভোজথলী।
You might also like