নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ সমগ্র বিশ্বৰ লগতে ভাৰততো ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত দেশৰ সর্বোচ্চ ন্যায়ালয়ে শুকুৰবাৰে সতর্কতামূলক ব্যৱস্থা হিচাপে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে ৷ সেই অনুসৰি সোমবাৰৰ পৰা উচ্চতম ন্যায়ালয়ে কেৱল জৰুৰী বিষয়তহে শুনানি গ্রহণ কৰিব । আনহাতে, যিকোনো গোচৰৰ শুনানিৰ সময়ত আদালতত অধিবক্তা, গুচৰীয়া আৰু পদকীয়া পক্ষৰ এজনকৈ ব্যক্তিৰ বাহিৰে আন ব্যক্তিসকলৰ প্রৱেশত সীমাবদ্ধতা জাৰি কৰিছে ন্যায়ালয়ৰ প্রশাসনীয় বিভাগে ৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছক মহামাৰী ৰূপে ঘোষণা কৰাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এঠাইত বহু লোক সমৱেত নহ’বলৈ উপদেশ দিয়াত এই সিদ্ধান্ত গ্রহণ কৰিছে ন্যায়ালয়ৰ প্রশাসনিক বিভাগে ৷ এক বিজ্ঞপ্তিযোগে উচ্চ ন্যায়ালয়ৰ সচিবপ্রধান সঞ্জীৱ এছ কালগাওকাৰে এই কথা জানিবলৈ দিছে ৷ উল্লেখ্য যে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে আৰু অন্যান্য জ্যেষ্ঠ ন্যায়াধীশসকলৰ সৈতে হোৱা আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্রহণ কৰা হয় ৷