আমেৰিকাই বিশ্বজুৰি বিস্তাৰ ঘটাইছে ক’ৰোনা ভাইৰাছৰ!
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ চীনৰ ৱুহানৰ পৰা নহয়, আমেৰিকাৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটিছে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ৷ শেহতীয়াকৈ চীনৰ বিদেশ মন্ত্রালয়ৰ এগৰাকী মুখপাত্রই এই অভিযোগ কৰিছে৷ মুখপাত্রগৰাকীৰ অভিযোগ অনুসৰি ৱুহানলৈ ক’ৰোনা ভাইৰাছ কঢ়িয়াই আনিছিল মার্কিন সেনাই৷ উল্লেখনীয় যে চীনৰ ৱুহান চহৰত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত কৰিছে বিশ্ব বাণিজ্য সংস্থাই৷ আমেৰিকাই প্রতিমুহূর্ততে এই ভাইৰাছ সংক্রমণৰ ক্ষেত্রত চীনে উদ্দেশ্যপ্রণোদিতভাৱে কাম কৰি যোৱা বুলি অভিযোগ কৰি থকাৰ সময়তে এইবাৰ বেইজিং প্রশাসনে আমেৰিকান সেনাৰ বিৰুদ্ধে অভিযোগ অনা বিষয়টোৱে বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ আমেৰিকাই চীনৰ বিৰুদ্ধে অনা অভিযোগত বাৰে বাৰে ক্ষোভ উজাৰি আহিছে বেইজিঙৰ শীর্ষ বিষয়ববীয়াসকলে৷ স্মর্তব্য যে ৱুহানত যোৱা বছৰ ডিচেম্বৰ মাহত ক’ৰোনাৰ সংক্রমণৰ ঘটনা পোহৰলৈ অহাৰ পাছতো এই ভাইৰাছবিধৰ প্রতিৰোধৰ বাবে দ্রুত পদক্ষেপ গ্রহণ কৰা নাছিল বুলি চীনৰ বিৰুদ্ধে সঘনে অভিযোগ উত্থাপন কৰি আহিছে ৱাশ্বিংটন প্রশাসনে৷ চীন চৰকাৰে দ্রুতগতিত এই ভাইৰাছ প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰা হ’লে বিশ্বজুৰি ইয়াৰ বিস্তাৰ নঘটিলহেঁতেন বুলি আমেৰিকান বিশেষজ্ঞসকলেও যুক্তি দর্শাই আহিছে৷ শেহতীয়াকৈ চীনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ঝাও লিজিয়ানে উল্লেখ কৰিছে যে আমেৰিকাই ৱুহানলৈ ক’ৰোনা ভাইৰাছক কঢ়িয়াই নিয়াৰ উপৰি বিশ্বজুৰি মহাসংকট সৃষ্টি কৰিছে৷ আমেৰিকাত ক’ৰোনাৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ কেইখন হাস্পতাল আছে বুলিও মুখপাত্রগৰাকীয়ে প্রশ্ণৰ অৱতাৰণা কৰিছে৷ মার্কিন সেনাই বিভিন্ন সময়ত ৱুহানলৈ এই ভাইৰাছ কঢ়িয়াই অনা বুলি অভিযোগ উত্থাপন কৰি মুখপাত্রগৰাকীয়ে একপ্রকাৰ বিশ্বৰ এই মহাসংকটৰ বাবে হোৱাইট হাউছ প্রশাসনকেই জগৰীয়া কৰিছে৷ গতিকে বিষয়টোৱে আন্তর্জাতিক মহলত সৃষ্টি কৰিছে চাঞ্চল্য৷